কনকলতা বৰুৱা

কনকলতা বৰুৱা



বীৰাঙ্গনা কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৪ চনৰ ১২ ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ বৰঙাবাৰীত। তেওঁৰ পিতাকৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কাণেশ্বৰী বৰুৱা। সৰুতে কনকলতাৰ মাতৃ ঢুকায়। কনকলতাৰ ককাদেউতাকৰ নাম আছিল ঘনকান্ত বৰুৱা। ঘনকান্তৰ নিৰ্দেশত কনকলতাৰ দেউতাকে দ্বিতীয়বাৰ জোনাকীক বিয়া কৰায়। জোনাকীয়ে স্বামীগৃহলৈ আহিয়েই নিজৰ সন্তানৰ নিচিনাকৈ কনকলতাহঁতক ডাঙৰ-দীঘল কৰিছিল। কিন্তু দুখৰ বিষয় কৃষ্ণকান্ত বৰুৱাৰো কিছুদিন পিছত মৃত্যু হয়। ঘনকান্তই বৃদ্ধ বয়সত পুতেকৰ মৃত্যু হোৱাত মানসিক আঘাত পায়। তথাপি বোৱাৰীয়েক জোনাকীয়ে ঘৰখন ভালদৰে পৰিচালনা কৰিছিল।

অকালতে পিতৃ-মাতৃ হেৰুৱাব লগা হোৱাত কনকলতা বৰুৱাই শিক্ষা-দীক্ষাত বেছি আগবাঢ়িব পৰা নাছিল। প্রাথমিক শিক্ষা শেষ কৰাৰ পিছত তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিব লগা হয়। আনকি মাহীমাক জোনাকীক সহায় কৰাৰ বাবে ঘৰখনৰ আংশিক দায়িত্বও কনকলতাই ল'ব লগা হৈছিল।

ইফালে দেশত বিয়াল্লিছৰ গণ-আন্দোলনে তীব্র ৰূপ ধাৰণ কৰে। তেতিয়া কনকলতাৰ বয়স ১৮ বছৰ। অসমতো বিয়াল্লিছৰ গণ আন্দোলনৰ তীব্র প্রভাব পৰিছিল। ওঠৰ বছৰীয়া কনকলতাই বৃটিছৰ শোষণ নীতিৰ কথা ভালদৰে বুজিব পাৰিছিল। সেয়ে মাতৃভূমিক বিদেশী শাসনৰ পৰা মুক্ত কৰিবলৈ কনকলতায়ো এই আন্দোলনত জঁপিয়াই পৰিল। পৰিয়ালৰ বাধা নেওচি তেওঁ এই আন্দোলনৰ প্ৰধান স্বেচ্ছাসেৱিকাৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিল।

কনকলতা আছিল অল্পভাষী আৰু নিঃসঙ্গতাপ্রিয় গাভৰু। তেওঁ নম্ৰ স্বভাৱৰ ছোৱালী আছিল। সকলোৱে তেওঁক ভাল পাইছিল। কনকলতা আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিত দীক্ষিত। অহিংস নীতিৰে ইংৰাজক ভাৰতৰ মাটিৰ পৰা খেদি পঠিয়াব পৰা যাব বুলি কনকলতায়ো বিশ্বাস কৰিছিল। বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমটো বিৰাট সমদল জ্যোতিপ্ৰসাদে দৰং জিলাতেই আৰম্ভ কৰাৰ সপোন দেখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আঁচনি মতে সমদলত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলে বৃটিছক ভাৰত এৰি যাবৰ বাবে ধ্বনি দি থানা অভিমুখে যাত্ৰা কৰিব লাগিব আৰু থানাত জাতীয় পতাকা উৰুৱাব লাগিব। জ্যোতিপ্ৰসাদে ২০ ছেপ্টেম্বৰৰ দিনা হাতত ত্ৰিৰঙ্গ পতাকা লৈ সমদলত যোগদান কৰি যুৱক-যুৱতীসকলক থানা অভিমুখে যাত্ৰা কৰিবলৈ আহবান জনাইছিল। জ্যোতিপ্ৰসাদৰ এই আহ্বানত কনকলতাই আনন্দিত হৈছিল। কনকলতাৰ বুকুত আছিল মূলা গাভৰুৰ সাহস আৰু মনত আছিল মহাত্মা গান্ধীৰ মহামন্ত্র। কনকলতাই ককাদেউতাকৰ পৰা সমদলত যোগদান কৰাৰ অনুমতি আদায় কৰি সমদলত যোগদান কৰিলে। এই সমদলৰ মহিলা গোটৰ নেতৃত্ব দিছিল পুষ্পলতা দাসে।

কনকলতাই মহিলা গোটৰ নেত্রী পুষ্পলতা দাসক কৈছিল : “প্ৰতিগৰাকী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে। তেওঁলোকে নিজৰ দেশক, নিজৰ জাতিক ভাল পায় আৰু এই ভাল পোৱাৰ বিনিময় স্বৰূপে মই কনকলতাই গহপুৰ থানা অভিমুখে হাতত ত্ৰিবঙ্গ পতাকা লৈ সমদলৰ আগত গৈ থানাত প্ৰৱেশ কৰিম।" কনকলতাৰ এনে বলিষ্ঠ কথাই সমদলবাসীক নতুন প্ৰেৰণা দিছিল

১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা বৰঙাবাৰীৰ পৰা কলংপুৰ, হেলেম আৰু ব্ৰহ্মজান মৌজাৰ ৰাইজৰ বৃহৎ সমদল গহপুৰ থানা অভিমুখে আহিল। হাতত ত্ৰিবঙ্গ পতাকালৈ পুৰুষ বাহিনীৰ গুৰি ধৰিছিল মুকুন্দ কাকতিয়ে। কনকলতায়ো হাতত ত্ৰিৰঙ্গ পতাকাখন লৈ থানা অভিমুখে আগুৱাই গৈছিল। দিনৰ ১১ বজাত সমদলটোৱে গহপুৰ থানাৰ সন্মুখ পায়। সমদলটোক পুলিচে আগচি ধৰিলে। কনকলতাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন সোম আৰু পুলিচসকলক বাট এৰি দিবলৈ দাবী কৰিলে। কিন্তু পুলিচে আৰু অধিক আগুৱাই যাবলৈ অনুমতি নিদিলে। কনকলতাই পুলিচৰ হুকা বাধা আওকাণ কৰি 'বন্দে মাতৰম' ধ্বনি দি থানাৰ ভিতৰলৈ জোৰকৈ সোমাবলৈ আগবাঢ়িল। তেতিয়া থানার ভারপ্রাপ্ত বিষয়াগৰাকীয়ে গুলী চলাবলৈ নিৰ্দেশ দিলে। কনকলতাৰ বুকুত গুলী লাগি তেওঁ মাটিত ঢলি পৰাত লগে লগে তেওঁৰ হাতত থকা ত্ৰিৰঙ্গ পতাকাখন বীৰ মুকুন্দ কাকতিয়ে থিয় কৰাই দিলে। পুলিচৰ ওলীত কনকলতাৰ লগতে মুকুন্দ কাকতিয়েও প্রাণ আহুতি দিলে। তথাপি কিন্তু সমদলকাৰীসকল বিচলিত হোৱা নাছিল। ৰামপতি ৰাজখোৱা নামৰ এজন গহপুৰ যুৱকে গহপুৰ থানাত উৰি থকা বৃটিছৰ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে।

গহপুৰ থানালৈ যাত্ৰা কৰাৰ সময়ত বীৰাঙ্গনা কনকলতাই কৈছিল: “অসমীর প্রতিডোখৰ মাটিৰ মূল্যাংকন মই বুজি পাওঁ। কোনো বিদেশীৰ মাতৃভূমিক শোষণ কৰাৰ অধিকাৰ নাই। আমি ভাৰতীয়, আমি অসমীয়া। আমাৰ ওপৰত চলোৱা অত্যাচাৰ আৰু শোষণ আমি কোনোপধ্যে সহা নকৰোঁ।”

এইগৰাকী মহীয়সী নাৰী আজি আমাৰ মাজত নাই। কিন্তু দেশৰ হকে জীৱন বলিদান দি তেওঁ যি আদর্শ দেখুৱাই থৈ গ'ল সিয়ে আজিও নতুন প্রজন্মক জাতীয়তাবোধৰ শিকনি দি আছে। কনকলতাই সদায় আমাৰ মাজত অমৰ হৈ থাকিব। গহপুৰৰ পুখুৰীপাৰত সজা কনকলতাৰ প্ৰতিমূৰ্তিয়ে আজিও শহীদ বীৰঙ্গনাগৰাকীৰ অপৰিসীম ত্যাগৰ স্বাক্ষৰ বহন কৰি আছে। 

Post a Comment

0 Comments