প্ৰণায়াম নং - ১) ভস্তিকা প্ৰণায়াম

 

 প্ৰণায়াম নং - ১) ভস্তিকা প্ৰণায়াম


কেনেদৰে কৰিব –


পদ্মাসনত বহি (বা যিকোনাে ধ্যানাত্মক আসন, অৱশ্যে সুবিধা অনুসৰি, যদি দৈহিক কাৰণত সম্ভৱ নহয় তেনেহ'লে চকীত বহি) কণ্ঠ আৰু পেট পােন কৰি ৰাখি স্থিৰ হৈ মুখ বন্ধ কৰি উভয় নাকেৰে এনেভাবে শ্বাস ত্যাগ কৰিব লাগিব যাতে প্রাণবায়ু হৃদয়ৰ পৰা কণ্ঠেৰে কপাল পর্যন্ত সশব্দে নিনাদ কৰে। ইয়াৰ পাছত আকৌ বেগেৰে সৈতে বায়ু গ্ৰহণ কৰিব লাগিব। কমাৰৰ ভাতি (ভস্ত্রিকা) যেনেদৰে শব্দ কৰি বাৰে বাৰে চালিত হয় মনৰ স্থিৰতা সহ দেহৰ বায়ুক এইদৰে চালনা কৰিব লাগিব। যেতিয়া ক্লান্তি আহিব তেতিয়া সোঁ নাকেৰে তাৰাতাৰি উদৰ পর্যন্ত বায়ু পূৰণ কৰিব লাগিব। তাৰ পাছত অন্যান্য প্রাণায়ামৰ দৰে সোঁ নাকেৰে শ্বাস লৈ বাওঁ নাকেৰে ত্যাগ কৰিব লাগিব। এই প্রাণায়াম নিজৰ সামর্থ অনুসৰি কৰিব৷ যিসকল ব্যক্তিৰ হাওঁফাওঁ বা হৃদৰােগ আছে তেওঁলােকে যেন মৃদুগতিত ৰেচক বা পূৰক কৰে। সুস্থ ব্যক্তিয়ে প্রথমে মধ্য গতিত আৰম্ভ কৰিব আৰু ধীৰে ধীৰে গতি বঢ়াই তীব্রগতিতে ভস্ত্রিকা প্রাণায়াম কৰিব। কপালভাতিৰ দৰে দৈহিক ক্লান্তিবােধৰ আগলৈকে নিশ্বাস ত্যাগ কৰি থাকিব । সেই সময়ত নিশ্বাস সম্পূৰ্ণৰূপে তলপেটৰ ভিতৰলৈ গুচি যায়, যাৰ ফলত তলপেট সংকুচিত হয়। এইদৰে অন্ততঃ ১৫ বাৰ সোঁ নাকেৰে শ্বাস গ্রহণ কৰিব আৰু ১০/১৫ চেকেণ্ড সময় সেই বায়ু (কুম্ভক) ভিতৰত আটক কৰি ৰাখি বাওঁ নাকেৰে ধীৰে ধীৰে ত্যাগ কৰিব । এইদৰে বাৰে বাৰে কৰিব। পিছে এই প্রাণায়াম কৰাৰ আগতে কপালভাতিত অভ্যস্ত হ'ব লাগিব। তেতিয়াহে এই প্রাণায়াম কৰিব পাৰিব। 





উপকাৰিতা - 


ভস্ত্রিকা প্রাণায়ামৰ দ্বাৰা বায়ু, পিত্ত আৰু কফ এই ত্রিদোষ নাশ হয়। চাইনাচাইটিচ, মাইগ্রেন, থাইৰয়েড আৰু টনচিলৰ ৰােগত উপকাৰ পােৱা যায়। এই প্রাণায়াম সুষুষ্মৰ দ্বাৰা উন্মুক্ত হয় যাৰ ফলত কুণ্ডলিনী জাগ্রত হয়। তথাপি এই প্রাণায়াম কৰাৰ লগতে সংযমী আৰু শুদ্ধাহাৰী হােৱা একান্ত বাঞ্চনীয় ।

Post a Comment

0 Comments