চাওলুং চুকাফাৰ জীৱন কাহিনী

চাওলুং চুকাফাৰ জীৱন কাহিনী




বৰ অসমৰ নির্মাতা চাওলুং চুকাফাৰ জন্ম হয় ১১৮৯ খৃষ্টাব্দত (১১৯১?)। এওঁৰ পিতাকৰ নাম চাং নেউ। এসময়ত মুং-মীত ৰাজ্যৰ ৰজা। মাকৰ নাম নাং - মুঙ। মাক নাং মুঙ দেখাত সুন্দৰী আছিল আৰু কাম-কাজত পাকৈত আছিল। নাং মুঙ গৰ্ভৱতী হােৱাত পিতৃৰাজ্য মাওলুঙৰ ৰাজধানী চেং চেলৈ যায়। তাত নাং মুঙে এটা পুত্র সন্তান জন্ম দিয়ে।নাংমুঙৰ দেউতাক ৰজা তাই পঙৰ মনত আনন্দ। কাৰণ তাই পঙৰ পুত্র পামেউপুঙৰ পুত্র সন্তান নাছিল, চাৰিগৰাকী কন্যা সন্তানহে আছিল। সেয়ে পামেউপুঙৰ পিছত কোন ৰজা হ’ব সেই লৈ বৃদ্ধ ৰজা চাও তাই পঙ চিন্তিত হৈ পৰিছিল। এতিয়া অন্ততঃ পামেউপুঙৰ পিছত নাতি ল’ৰা মাওলুঙৰ ৰজা হােৱাৰ পথ প্রশস্ত হ’ল। ইফালে গণকে নৱজাত সন্তানটোৰ নাম থলে চুকাফা। ইয়াৰ অর্থ সাহসী বংশত জন্মা বাবে ‘চু’; দ্বিতীয়তে পিতৃবংশৰ কঠীয়া মাওলুঙলৈ অনা বাবে ‘কা ; তৃতীয়তে ল’ৰাটো বহু তপস্যাৰ ফলত পােৱা দান বাবে ‘ফা’। এই তিনিওটা অর্থ লগ হৈনাম হ’ল চুকাফা। চুকাফাৰ জন্মৰ কেইদিনমান পিছতেই মাক নাংমুঙৰ জ্বৰত মৃত্যু হয়। এনায়েকৰ (চুকাফাৰ মাকৰ মাক) আদৰ যত্ন চুকাফা ডাঙৰ দীঘল হয়। চুকাফাৰ মােমায়েক পৰিয়ালে থিৰাং কৰিলে যে মােমায়েক পামেউপুঙৰ পিছত মাওলুঙৰ সিংহাসনৰ অধিকাৰী হ’ব চুকাফা। চুকাফাৰ পিতৃয়ে কথাটো জানি সন্তোষ পালে। চুকাফাৰ মােমায়েক জীয়াই থাকোতােই ৰজা হােৱাৰ বাবে চুকাফাক সকলাে বিদ্যা শিকালে। বৌদ্ধধৰ্মৰ পঞ্চশীল নীতিৰাে জ্ঞান ললে।

কিন্তু কিছুদিন পিছত মােমায়েক পামেউপুঙৰ চুখানফা আৰু চামলুংফা নামৰ দুটা পুত্র সন্তান জন্ম হ’ল। গতিকে চুকাফাৰ মাওলুঙৰ ৰজা হােৱাৰ সপােন ধূলিসাৎ হ’ল। চুকাফা পিতৃৰাজ্যলৈ ঘূৰি আহিল। চুকাফাৰ দেউতাকৰ তিনি পুত্র আছিল। দেউতাকে তিনিওজন পুত্রকে তেওঁৰ ৰাজ্যখন তিনিভাগ কৰি এভাগকৈ দিয়াৰ সিদ্ধান্ত ল’লে। সেইমতে বৰপুত্র চুজাতফাক দিলে তাইপ ৰাজ্য, দ্বিতীয় পুত্র চুখামফাক দিলে তাইপং ৰাজ্য আৰু তৃতীয় পুত্র চুকাফাক মূল ৰাজ্য মুমীত দিলে। চুকাফাই ২৩ বছৰ বয়সত মুংমীতৰ সিংহাসনত বহে। তেওঁ ৰজা হৈয়েই আই-মেক বিয়া কৰায়। আই-মে বুদ্ধিমতী আছিল আৰু ৰজাক দিহা-পৰামর্শ দিছিল। চুকাফাৰ আৰু দুগৰাকী ৰাণী আছিল। তেওঁলােক হ’ল নাং-চুম-ফা আৰু য়ি-লাে-চিং-চুমফা।

চুকাফাই সিংহাসনত বহাৰ কিছুদিন পিছত মােমায়েকৰ পুত্র চুখানফাই চুকাফাৰ ৰাজ্য আক্ৰমনৰ ভাবুকি দিয়ে। শান্তিপ্রিয় চুকাফাই যুদ্ধত অৱতীৰ্ণ হ’ব নিবিচাৰি নিজ দেশ এৰি যােৱাৰ সিদ্ধান্ত ল'লে। এখন নতুন দেশ গঠনৰ সপােন ৰচিলে। তেওঁৰ লগত ওলাল প্রায় ৯০০০ প্রজা। তেওঁৰ তিনিগৰাকী ৰাণী। থাও-মুংবানঝই আৰু থাও-মুংকাংঙান নামৰ দুজন মন্ত্রী। ৩০০০ ঘোঁৰা আৰু এটা তাল হাতী, এজনী মাখুন্দী আৰু এজন মাউতাে তেওঁৰ লগত আহিছিল। এনেদৰে ঘূৰিপকি আহি ১২২৭ খৃষ্টাব্দত তেওঁ দৈ কাও ৰাং পর্বত অতিক্ৰম কৰি নামবং নামৰ নৈ এখনৰ পাৰত উপস্থিত হয়। প্রায় ১৪ বছৰ কাল ভ্ৰমণ কৰি পাটকাই পর্বত পাৰ হৈ ১২২৮ খৃঃৰ ১৬ আঘােণত টিপামত উপস্থিত হৈ ৰাজ্য স্থাপনৰ পাতনি মেলে। তেওঁ চৰাইদেউত ৰাজধানী পাতে। চুকাফাই অসমত ৩৯ বছৰ ৪ মাহ ১৫ দিন ৰাজত্ব কৰি ১২৬৮ খৃষ্টাব্দত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত বৰপুত্র চুতেউফা ৰজা হয়।

চুকাফাই তেওঁৰ ৰাজ্যকালত সামৰিক শক্তিতকৈ সাংস্কৃতিক আৰু সামাজিক শক্তিত গুৰুত্ব আৰােপ কৰিছিল। আদর্শ কৃষিনীতি গ্রহণ কৰিছিল। সমন্বয়ৰ প্রতীক হিচাপে তেওঁৰ তিনিগৰাকী ৰাণীৰ উপৰি বৰাহী আৰু মৰাণসকলৰ চাৰিগৰাকী ৰাজকুঁৱৰী বিয়া কৰাইছিল। দেশৰ সকলাে মানুহ স্বাৱলম্বী হােৱাটো তেওঁ বিচাৰিছিল। অসমত থকা আন বিভিন্ন জনগােষ্ঠীক তেওঁ একতাৰ ডালেৰে বান্ধি ৰাখিছিল। প্ৰকৃতাৰ্থত বিনা ৰক্তপাতে ‘সাতৰাজ মাৰি একজ’ প্রতিষ্ঠাত চুকাফা সক্ষম হৈছিল। চুকাফাই স্থাপন কৰি থৈ যােৱা আহােম ৰাজবংশই প্রায় ৬০০ বছৰ কাল অসমত ৰাজত্ব কৰিছিল। সেয়েহে চুকাফাই হ’ল বৰ অসমৰ প্রতিষ্ঠাতা, অসমীয়া জাতিৰ পিতৃ স্বৰূপ।

Post a Comment

0 Comments