ৰাধানাথ ফুকনৰ জীৱন কাহিনী

ৰাধানাথ ফুকনৰ জীৱন কাহিনী



জোনাকী যুগৰ অন্যতম লেখক, দার্শনিক পণ্ডিত ৰাধানাথ ফুকনৰ জন্ম হৈছিল ১৮৭৫ চনত যােৰহাটত। তেওঁৰ পিতৃৰ নাম আছিল কৃপানাথ ফুকন আৰু মাকৰ নাম আছিল ৰুক্মিণী দেৱী। ৰাধানাথৰ দেউতাক কৃপানাথ ফুকন আছিল ‘আসাম বুৰঞ্জীৰ ৰচক কালীনাথ তামুলী ফুকনৰ ভাতৃ।

ৰাধানাথ ফুকনে শিৱসাগৰতেই প্রাথমিক শিক্ষাৰ পাতনি মেলে। তেওঁ দীননাথ বেজবৰুৱাৰ এখন সংস্কৃত টোলতাে কিছুদিন অধ্যয়ন কৰে। তেওঁ ১৮৯১ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে এণ্ড্রেন্স পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পিছত তেওঁ কলকাতালৈ গৈ প্রেছিডেন্সী কলেজত ভর্তি হয়। ১৮৯৩ চনত বি. এ পাছ কৰে। ১৮৯৭ চনত তেওঁ পদার্থ বিজ্ঞান বিষয়ত এম. এ পাছ কৰে। উল্লেখযােগ্য যে ৰাধানাথ ফুকনেই আছিল অসম উপত্যকাৰ প্ৰথমজন এম. এ পাছ কৰােতা। ১৮৯৮ চনত আইনৰ ডিগ্রী লাভ কৰে।

পিছত তেওঁ কলকাতাৰ পৰা ঘূৰি আহিঅসমত ওকালতি কৰিবলৈ লয়। কিছুদিন ওকালতি কৰি ১৯০৩ চনত তেওঁ ই.এ.চি পদত নিযুক্ত হয়। ১৯২০ চনত তেওঁ উপন্যায়ধীশ আৰু ১৯২৩ চনত অতিৰিক্ত ছেছন ন্যায়াধীশ হয়। ১৯২৮ চনত তেওঁ উপায়ুক্তৰ সমমর্যাদা লাভ কৰে। ১৯৩১ চনত তেওঁ চাকৰিৰ পৰা ন্যায়াধীশৰূপে অৱসৰ গ্ৰহণ কৰে।

ৰাধানাথ ফুকন আছিল অসমীয়া ভাষা-সাহিত্যৰ প্রবল অনুৰাগী। জোনাকী যুগৰ সাহিত্যৰ পূজাৰীসকলৰ লগ লাগি তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ হকে কাম কৰিছিল। তেওঁ অ.ভা.উ.সা সভাৰ প্ৰথম গৰাকী যুটীয়া সম্পাদক আছিল। তেওঁ কলকাতাৰ বিখ্যাত এ.এছ.এল ক্লাৱৰ সম্পাদকো আছিল।

তেওঁ দর্শন সম্পর্কীয় ভালেমান গ্রন্থ লিখিছে। তেওঁৰ উল্লেখযােগ্য ৰচনা সম্ভাৰ হ’ল ও সাংখ্য দর্শন, জন্মান্তৰৰ ৰহস্য, কথাৰে উপনিষদ আদি। “

বিজ্ঞানৰ সিপাৰে নামৰ তেওঁ আন এখন মূল্যবান গ্রন্থ লিখি থৈ গৈছে। তেওঁ বহুতাে গীত লিখি থৈ গৈছে।

১৯৬৪ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments