শলভাসন - যোগাসন

শলভাসন   - যোগাসন



প্রণালী – প্রথমে উবুৰি হৈ শোৱক। এইবাৰ হাত মুঠি মাৰি উৰুৰ কাষত মাটিত ৰাখক। এনেভাবে সেয়া কৰিব যাতে মুঠিৰ ফাল ওপৰফালে থাকে আৰু কান্ধ আৰু কপাল বিচনাত লাগি থাকে। এইবাৰ শ্বাস গ্রহণ কৰি সেয়া বন্ধ ৰাখি নাভিৰ পৰা ভৰি পর্যন্ত দেহক টানকৈ ৰাখি চিত্ৰত দেখুৱাৰ দৰে ওপৰলৈ তোলক। ১০-১৫ চেকেও এই অৱস্থাত থাকি ধীৰে ধীৰে নিঃশ্বাস এৰক আৰু ৫ চেকেণ্ড শবাসনত বিশ্রাম লওক। তাৰ পাছত পুনৰ ৫-৬ বাৰ এই আসন অভ্যাস কৰক।

 উপকাৰিতা – এই আসনত চায়টিকা বাত আৰু কটি বাত ভাল হয়। কঁকালৰ বিষ নিৰাময় হয়। হজম শক্তি বাঢ়ে। পেশী মজবুত হয়, ক্ষুধা বাঢ়ে, পেটফুলা, কোষ্ঠকাঠিন্য ৰোগ ভাল হয়। যিসকলৰ হৃদৰোগ আৰু হাওঁফাওঁৰ ৰোগ আছে সেইসকলে এই আসন নকৰাই ভাল।

Post a Comment

0 Comments