প্রসিদ্ধ বুৰঞ্জীবিদ ড’সূর্যকুমাৰ ভূঞা

প্রসিদ্ধ বুৰঞ্জীবিদ ড’সূর্যকুমাৰ ভূঞা

অসমৰ এজন প্রসিদ্ধ বুৰঞ্জীবিদ, সু-সাহিত্যিক ড’ সূর্য কুমাৰ ভূঞাৰ জন্ম হয় ১৮৯৪ চনৰ ১৭ জানুৱাৰীত নগাঁৱৰ ফৌজদাৰী পটিত। তেওঁৰ দেউতাকৰ নাম আছিল ৰবিলাল ভূঞা আৰু মাকৰ নাম আছিল ভুবনেশ্বৰী ভূঞা। তেওঁ নগাঁও এম ভি স্কুলত প্রাথমিক শিক্ষা সাং কৰি কিছুদিন নগাঁও চৰকাৰী হাইস্কুলত পড়ে। পিছত ১৯০৯ চনত শ্বিলং চৰকাৰী হাইস্কুলৰ পৰা তেওঁ অসম উপত্যকাৰ ভিতৰত প্রথম হৈ এট্রেন্স পৰীক্ষাত উত্তীর্ণ হয়। ১৯০৯ চনত তেওঁ কলকাতা প্রেচিডেন্সী কলেজত বি এ পঢ়িবলৈ লয়। ১৯১৩ চনত তেওঁ ইংৰাজীত সন্মানসহ বি এ পৰীক্ষা পাছ কৰে। ১৯১৬ চনত তেওঁ ইংৰাজী বিষয়ত এম এ পাছ কৰে। ১৯২৪ চনত তেওঁ আইন বিষয়ৰ স্নাতক হয়। ১৯৩৮ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি উপাধি লাভ কৰে। ১৯৫১ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰাই ডি লিট সন্মান লাভ কৰে।

ড’ সূর্যকুমাৰ ভূঞাই কৰ্মজীৱনত বহুতাে উচ্চ পদত কার্যনির্বাহ কৰিছিল। যােৰহাট মিছন স্কুলত দুবছৰ শিক্ষকতা কৰাৰ পিছত ১৯১৮ চনত তেওঁ কটন কলেজৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ড° সূর্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্রথম অসমীয়া অধ্যাপক। ১৯৪৬ চনত তেওঁ কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ হয়। এদেবে ১৯৩০ চনত কিছুদিন অসম সচিবালয়ত কর্তব্যৰত বিষয়া হিচাপে কাম কৰিছিল। ১৯৪০ চনত তেওঁ বিশ্ববিদ্যালয় আয়ােগৰ বিশেষ বিষয়া হিচাপে কার্যনির্বাহ কৰে। ১৯৪১ চনত তেওঁ অসম উপত্যকা চক্ৰৰ ইন্সপেক্টৰ অৱ স্কুলছ। পদত অধিষ্ঠিত হয়। ১৯৪৭ চনত তেওঁ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক হয়। ১৯৪৮ চনত অসমৰ শিক্ষাধিকর্তা হয়। ১৯৫২-৫৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য হয়। ১৯৫৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হয়।

ড’ সূর্য কুমাৰ ভূঞাৰ সাংসাৰিক জীৱন সুখৰ আছিল। ১৯১৭ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁ লক্ষীমপুৰৰ জীয়ৰী লক্ষেশ্বৰী ভূএক বিয়া কৰায়। তেওঁৰ তিনিজন ল'ৰা আৰু তিনিজনী ছােৱালী। তেওঁৰ ল'ৰাকেইজন হ’ল পার্বতী কুমাৰ ভূএ, ভৱানী ভূঞা আৰু বিজয় ভূএ; ছােৱালীকেইজনী হ’ল শুৱলা, শীতলা আৰু কামালী।

ড° সূর্য কুমাৰ ভূঞাই তেওঁৰ জীৱনকালত ভালেমান মূল্যবান গ্রন্থ লিখি অসমীয়া জাতিক উপহাৰ দি থৈ গৈছে। সেইসমূহ হ'ল- গােপাল কৃষ্ণ গােখলে (১৯১৬), আহােমৰ দিন (১৯১৮), আনন্দৰাম বৰুৱা (১৯২০), ৰবীন্দ্ৰ নাথ ঠাকুৰ (১৯২০), AnAssamese Nurjahan (১৯২৬), জোনাকী চানেকী, Early British Relation withAssam (১৯২৮), Preliminary Report on the old Records of Assam Government (১৯৩০), তুংখুঙীয়া বুৰঞ্জী (১৯৩৩), অসম জীয়াৰী (১৯৩৫), Assmese Literature; Ancient & Modern (১৯৩৯), Lachit Borphukan & His Times, Annals of the Delhi Badshahate (389), কেঁৱৰ বিদ্রোহ (১৯৪৮), Anglo-Assamese Relations (১৯৫০), ৰমণী গাভৰু (১৯৫৬), Studies in the Literature ofAssam (১৯৫৬), Aton Buragohaini & His Times (১৯৫৭), হৰিহৰ আতা (১৯৬২), লাচিত বৰফুকন (১৯৬২), শৰাইঘাটৰ সুবচনী (১৯৬৩), স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ (১৯৭৫), The Seven Hindrances (১৯৫৫), Men I have Met (১৯৬২), London Memories, নির্মালি (কাব্য, ১৯১৮), জয়মতী উপন্যাস (কাব্য, ১৯২০- ভানুনন্দৰ নামত), একমাত্র গল্পপুথি পঞ্চমী (১৯২৭), বৰফুকনৰ গীত (১৯২৪), অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী (১৯৩০), দেওধাই অসম বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী (১৯৩৩), পাদশাহ বুৰঞ্জী (১৯৩৫), কছাৰী বুৰঞ্জী (১৯৩৬), ত্ৰিপুৰা বুৰঞ্জী (১৯৩৮), An Account of Assam (১৯৪০), সাতসৰী অসম বুৰঞ্জী ইত্যাদি।

ড° সূর্যকুমাৰ ভূঞাৰ জীৱনৰ সফলতাৰ গুৰিতে আছিল অধ্যৱসায় আৰু ঐকান্তিকতা। তেওঁ সকলাে কাম নিয়াৰিকৈ সম্পাদনা কৰিছিল। তেওঁ ইংৰাজ চৰকাৰৰ পৰা ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছিল। ১৯৫৩ চনত তেওঁ অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনত সভাপতি হৈছিল। ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ বুৰঞ্জী সন্মিলনতাে তেওঁ সভাপতিত্ব কৰিছিল। ড° সূর্য কুমাৰ ভূঞাই 'ভানুনন্দন ছদ্মনামত বহু লেখা-মেলা কৰিছিল।

ড‘সূর্য কুমাৰ ভূঞাৰ বিষয়ে অতুল চন্দ্ৰ হাজৰিকাই কৈছিল ও “ড়” সূর্য কুমাৰ ভূঞাৰ নিচিনা নিয়মানুবর্তী আৰু পৰিপাটি জীৱনৰ মানুহ আমাৰ সাহিত্যিক সমাজত "ই বুলি ক'লেও অত্যুক্তি কৰা নহয়। গােটেই জীৱনটো তেওঁ ঘড়ীৰ কাটাৰ দৰে নিয়ন্ত্রিত কৰি দিনটোৰ বিভিন্ন ভাগত বিভিন্ন কাম নিয়াৰিকৈ কৰি এক আদর্শ জীৱনৰ চানেক আমালৈ এৰি থৈ গৈছে। ৰাতিপুৱা তেওঁ সাহিত্য সেবা আৰু অধ্যয়ন কৰিছিল, দুপৰীয়াৰ ভাগত কৰিছিল কলেজ, বিশ্ববিদ্যালয়, পুৰাতত্ব আদি বিভাগীয় কাম। ৰাতি কটাইছিল লঘু আলাপ আলােচনাত ৰত হৈ।”

ড’ প্রফুল্ল চন্দ্র গােস্বামীয়ে লিখিছিল ও “যিজন পুৰুষে আঢ়ৈ কুৰি বছৰৰ ওপৰকাল সাহিত্য আৰু সংস্কৃতিৰ হকে অক্লান্তভাবে কাম কৰি ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে স্বর্গপ্রয়াণ কৰিলে সেই সূর্য কুমাৰ ভূঞদেৱৰ কর্মময় জীৱনৰ ৰিজনি অসম দেশততাে নায়েই ভাৰততাে নাই।” ”

নাই বুলি ক'লেও অত্যুক্তি কৰা নহয়। গােটেই জীৱনটো তেওঁ ঘড়ীৰ কঁাটাৰ দৰে নিয়ন্ত্রিত কৰি দিনটোৰ বিভিন্ন ভাগত বিভিন্ন কাম নিয়াৰিকৈ কৰি এক আদর্শ জীৱনৰ চানেকী আমালৈ এৰি থৈ গৈছে। ৰাতিপুৱা তেওঁ সাহিত্য সেৱা আৰু অধ্যয়ন কৰিছিল, দুপৰীয়াৰ ভাগত কৰিছিল কলেজ, বিশ্ববিদ্যালয়, পুৰাতত্ব আদি বিভাগীয় কাম। ৰাতি কটাইছিল লঘু আলাপ আলােচনাত ৰত হৈ।”

ড° প্রফুল্ল চন্দ্র গােস্বামীয়ে লিখিছিল ও “যিজন পুৰুষে আঢ়ৈ কুৰি বছৰৰ ওপৰকাল সাহিত্য আৰু সংস্কৃতিৰ হকে অক্লান্তভাৱে কাম কৰি ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে স্বর্গপ্রয়াণ কৰিলে সেই সূর্য কুমাৰ ভূঞাদেবৰ কর্মময় জীৱনৰ ৰিজনি অসম দেশততাে নায়েই ভাৰততাে নাই।”

Post a Comment

0 Comments