শবাসন - যোগাসন

শবাসন  - যোগাসন


প্ৰণালী – শৱ মানে মৰা। এই আসন কৰাৰ সময়ত প্ৰথমে চিৎ হৈ শোৱক। ভৰিদুখন দীঘলকৈ মেলি দিয়ক। দুই ভৰিৰ মাজত দুফুটমান ফাক ৰাখিব। ভৰিৰ গোৰোহাবোৰ থাকিব ভিতৰৰ ফালে আৰু আঙুলিবোৰ থাকিব বাহিৰৰ ফালে। হাত দুখনো দেহৰ দুকাষে দীঘলকৈ মেলি দি আপোনাৰ সুবিধা মতে ৰাখিব। শৰীৰটো শিথিল কৰি দিয়ক। তাৰ পাছত মনটো এনে অৱস্থালৈ লৈ যাব লাগিব যে সেইটো অচেতন অৱস্থাত আছে বা শুই আছে। এই সময়ত খুব লাহে লাহে শ্বাস ল'ব লাগিব আৰু এৰিব লাগিব আৰু চেষ্টা কৰিব লাগিব বৰ্হিজগতৰ কোনো শব্দ যাতে কাণলৈ নাহে। প্ৰতিটো কঠিন আসনৰ পাচতে এই আসনত বিশ্রাম ল'ব লাগে।

উপকাৰিতা – কর্মক্ষমতা বাঢ়ে। ক্লান্তি দূৰ হয়। মানসিক ৰোগ, হৃদৰোগ, স্নায়ু দুর্বলতা, অনিদ্রা, বক্তচাপ হ্রাস পায়।

Post a Comment

0 Comments