যোগাসন - যোগাসন

যোগাসন  - যোগাসন



প্রণালী - প্রথমে ভৰি দুখন সন্মুখৰ ফালে মেলি বহক। এইবাৰ ভৰিদুখন ভাঁজ কৰি দুয়ো ভৰিৰ গোৱোহা আৰু ভৰিৰ তলি দুখন পৰস্পৰে যুক্ত কৰি কোলাৰ ফালে লৈ আহক। এইবাৰ আঠুৰ তলৰ অংশ মাটিত লগোৱাৰ চেষ্টা কৰক। ১৫ ৰ পৰা ২০ চেকেণ্ড এইদৰে থাকি আকৌ ভৰি দুখন মেলি দি ১০-১৫ চেকেও বিশ্রাম কৰক। এনেদৰে ৫-৬ বাৰ এই ব্যায়ামটো কৰাৰ চেষ্টা কৰিব। অভ্যাস হলে প্রতিদিন সময় অলপ অলপকৈ বঢ়াব। পিছে ৫ মিনিটৰ বেচি সময় নকৰিব। এই সময়ত শ্বাস প্রশ্বাস স্বাভাৱিক ৰাখিব।

উপকাৰিতা – ১। এই আসন যদি শিশুসকলে কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰৰ গঠনৰ ত্রুটি দূৰ হয়। শৰীৰ সুস্থ থাকে। দেখাত সুন্দৰ হয়। ২। যিসকল ব্যক্তিৰ প্রস্রাবত অসুবিধা থাকে তেখেতসকলৰ প্ৰস্ৰাব ঠিকমতে হয়। ৩। যিসকলৰ কোষ্ঠ্যকাঠিন্য, অজীর্ণ, বাত বেদনা বা ছায়াটিকা ৰোগ আছে তেখেতসকলে সেইবোৰৰ পৰা মুক্ত থাকে। ৪। মহিলাৰ যোনি মণ্ডল, বস্তি প্রদেশত বিশুদ্ধ ৰক্ত প্রবাহিত হয়, তাৰ শিথিল নহয়। ৫। যিসকল মহিলা বা ছোৱালীৰ মাহেকীয়ার নানা সমস্যা থাকে আৰু শ্বেতপ্ৰদৰ ৰোগ হয় সেইবোৰ এই ব্যায়ামৰ দ্বাৰা নিৰাময় হয়।

Post a Comment

0 Comments