পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন, য'ত এটা চুইমিং পুল আৰু এটা হেলিপেড আছে, আহক জানো ইযাৰ বিষযে সবিশেষ ।

পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন, য'ত এটা চুইমিং পুল আৰু এটা হেলিপেড আছে, আহক জানো ইযাৰ বিষযে সবিশেষ ।


পুনৰ ৰাইজৰ মাজলৈ লৈ অনা হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন, নতুনকৈ প্রস্তুত কৰা এই গাড়ীখন পূর্বৰ নিজৰ ৰেকৰ্ড ভংগ কৰি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম পুনৰ অন্তৰ্ভূক্ত কৰিছে । গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, "দ্য আমেৰিকান ড্ৰীম" নামৰ এই চুপাৰ গাড়ীখন এতিয়া ৩০ দশমিক পাচ ছাৰি মিটাৰ দীঘল যি ফুটৰ হিচাপত 100 ফুট দীঘলেৰে এক নতুন অভিলেখ গঢ়িছে । গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ড এ তেওঁলোকে নিজৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অলপতে গাড়ীখনৰ এখন ফটো পোষ্ট কৰিছে আৰু এই গাড়ীখনৰ নতুন ৰেকৰ্ডৰ কথা উল্লেখ কৰিছে । লক্ষণীয় কথা প্রধানত যিকোনো এখন নিয়মীয়া গাড়ীৰ গড় প্ৰায় ১২ ৰ পৰা ১৬ কিন্তু এই গাড়ীখনৰ দীঘল মুঠ
100 ফুট পোৱা গৈছে ।


গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, গাড়ীখন মূলতঃ ১৯৮৬ চনত কেলিফৰ্ণিয়াত জে ওহাৰবাৰ্গে নিৰ্মাণ কৰা হৈ ছিল। সেই সময়ত, এই গাড়ীখন 60 ফুট দীঘল আছিল, আৰু ইয়াক 26 টা চকাত দৌৰাইছিল আৰু পিছলৈ ইয়াক এযোৰ ভি8 ইঞ্জিনো লগাৱা হৈছিল। আৰু এনেদৰে ইয়াক ভি ইঞ্জীন লগোৱা পাছত ইয়াক ৩০ দশমিক পাঁচ মিটাৰলৈ বৃদ্ধি কৰা হৈছিল । আনহাতে এই গাড়ীখন ভাৰতীয় গাড়ীৰ হিচাপত এইখন গাড়ীৰে যদি আপুনি গাড়ি বনাই তেন্তে আপুনি এই খন গাড়ীৰে হোণ্ডা চিটি'ৰ দৰে গাড়ী আপুনি এবাৰতে মুঠ ছয়খন নিৰ্মাণ কৰিব পাৰিব । 

গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে আৰু জনাইছে যে, "দ্য আমেৰিকান ড্ৰীম" অৰ্থাৎ এই গাড়ীখন ১৯৭৬ চনৰ কেডিলেক এলডাৰডো লিমুজিন গাড়ী খনৰ ওপৰত ভিত্তি কৰি বনাইছিল ৷ আৰু ইয়াক দুয়োটা মূৰে চলাব পৰাকে বনোৱা হৈছিল আৰু ইয়াক দুটা ভাগত তৈয়াৰ কৰি কোণবোৰ বেঁকা কৰিবলৈ মাজত এটা কব্জাৰ সংযোজন কৰা হৈছিল । লক্ষণীয় এই গাড়ীখনত আপুনি যদি উঠে তেন্তে আপুনি এক ৰাজকীয় সুখ অনুভৱ কৰিব। 

আনহাতে দ্য আমেৰিকান ড্ৰীম এই গাড়ীখনত এটা চুইমিং পুল দিয়া আছে য'ত ডাইভিং বোৰ্ড, বাথটাব, মিনি-গল্ফ কোৰ্চ আদি আপুনি পাব, আৰু আপোনি শুনি আচৰিত হব যে এই গাড়ীখনত এটা হেলিপেডো আছে । আৰু এই গাড়ীখনৰ পুনৰ প্ৰস্তুতৰ সৈতে জড়িত মাইকেল মেনিংয়ে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডক জনাইছে যে, " এই গাড়ীখনত লগোৱা হেলিপেডটোৰ তলত ষ্টীল ব্ৰেকেট লগোৱা হৈছে আৰু ইয়াৰ ওজন পাঁচ হাজাৰ পাউণ্ডলৈকে সহিব পাৰে।" আনহাতে আটাইতকৈ জানিবলৈ আগ্ৰহী তথ্যটো হৈছে যে এই গাড়ীখনত মুঠ ৭৫ জনৰো অধিক লোকে বহিব পাৰে ।


দ্য আমেৰিকান ড্ৰীম" গাড়ীখন আপোনালোকে নিশ্চয় বহুতো চলচ্চিত্ৰত দেখিছে । সাধাৰনে এইগাড়ীখন এটা সময়ত চলচিত্ৰৰ বাবে প্ৰায়ে ভাড়াত দিয়া হৈছিল। কিন্তু ইয়াৰ উচ্চ তত্বাৱধানত ব্যয় আৰু পাৰ্কিঙৰ সমস্যাৰ বাবে পাছত মানুহে গাড়ীখনৰ প্ৰতি আগ্ৰহ হেৰুৱাইছিল ফলত গাড়ীখন নচলা হৈ মামৰে খাইছিল। কিন্তু মেনিংয়ে এই গাড়ীখন পুনৰ প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰা হৈছিল আৰু এই তেওঁ এইখন পুনৰ প্ৰস্তুত কৰি উলিয়াইছিল । 

আৰু গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, এই গাড়ীখন পুনৰ প্ৰস্তুতৰ বাবে নতুন সামগ্ৰী আৰু শ্ৰমিকৰ শ্ৰমৰ বাবে মুঠ 250,000 ডলাৰ খৰচ হৈছিল আৰু সম্পূৰ্ণ হ'বলৈ ই তিনি বছৰ সময় লাগিছিল। লক্ষণীয় কথা যে বৰ্তমান এই গাড়ীখন ৰাস্তালৈ নাহে । বৰ্তমান এইখম কেৱল ডেজাৰলেণ্ডৰ পাৰ্কিং কাৰ মিউজিয়ামত ক্লাছিক গাড়ীৰ কালেক্টশ্বনৰ এটা অংশ হিচাপে ৰখা হৈছে ।

Post a Comment

0 Comments