যোগমুদ্ৰা - যোগাসন

যােগমুদ্রা - যোগাসন



প্রণালী – 

প্রথমে পদ্মাসনত বহক। এইবাৰ পিছফালে কঁকালৰ ওচৰত বাওঁ হাতেৰে সোঁহাতৰ সৰু গাঠিত ধৰক। এইবাৰ নিঃশ্বাস ত্যাগ কৰি কৰি লাহে লাহে দেহটো সন্মুখৰ ফালে হলাই আনক আৰু কপালেৰে বহা আসন স্পর্শ কৰক। এই অৱস্থাত ৬/৭ চেকেণ্ড শ্বাস বন্ধ কৰি ৰাখি আকৌ পূর্বৰ অৱস্থালৈ আহক। ১০ চেকেণ্ড বিশ্রাম লৈ পুনৰ আসনটো কৰক৷ এইদৰে ৫/৬ বাৰ আসন কৰিব। ৬ বছৰৰ ওপৰ সকলাে ল'ৰা-ছােৱালীয়ে এই আসনটো কৰিব পাৰে। 





উপকাৰিতা — এই আসন কৰিলে পেটৰ চর্বি কমে। অম্ল, গেচ, পেট ফুলা, গ্রহণী আদি ৰােগ উপশম হয়। প্লীহা আৰু যকৃতৰ ৰােগ নিৰাময় হয়। -

Post a Comment

0 Comments