নাভি আসন - যোগাসন

নাভি আসন - যোগাসন



প্রণালী – 

প্ৰথমতে উবুৰি হৈ শােৱক। এইবাৰ মূৰৰ ফালে দুই হাত মেলি দিয়ক। তাৰ পাছত শ্বাস লৈ লৈ দুই হাত আৰু দুই ভৰি যিমান পাৰে ওপৰলৈ তােলক। পেটটো মাটিত লাগি থাকিব। শ্বাস বন্ধ কৰি ৮/১০ চেকেণ্ড অনুৰূপ অৱস্থাত থাকি আকৌ শ্বাস ত্যাগ কৰি কৰি আগৰ অৱস্থালৈ আহক। লক্ষ্য ৰাখিব এই সময়ত হাত আৰু ভৰিত যেন ভাজ নপৰে। ৪/৫ বাৰ এই আসনটো অভ্যাস কৰিব।





উপকাৰিতা — 


এই আসন কৰিলে ল'ৰা-ছােৱালী ওখ হয়। পেটৰ চর্বি কমে। কোষ্ঠবদ্ধতা দূৰ হয়। দেহৰ মাংসবেশী সবল হয়। লিভাৰ আৰু প্লীহাৰ ৰােগ দূৰ হয়। অজীর্ণ বােগ নিৰাময় হয়। হার্টৰ ৰােগী আৰু পেটুৱাসকলে এই আসন নকৰিব।

Post a Comment

0 Comments