বিপৰীতকৰণী মুদ্রা -যোগাসন

বিপৰীতকৰণী মুদ্রা - যোগাসন



প্রণালী -

 প্রথমে শবাসন কৰক। এইবাৰ সমগ্র দেহটো পােন কৰি কঁকালৰ পৰা ভৰি দুখন সামান্য ওপৰলৈ তােলক। তাৰ পাছত দুই হাতেৰে কিলাকুটি আৰু মণিবন্ধৰ ওপৰত শৰীৰৰ সম্পূর্ণ ভৰ ৰাখি ভৰি দুখন লগলগাই যিমানখিনি সম্ভৱ ওপৰলৈ তােলক। ভৰি দুখন এই সময়ত সমকোণত ৰাখিব লাগিব। থুতৰি আৰু বুকুৰ মাজত এক ইঞ্চিমান ফঁক ৰাকিব লাগিব। ১ মিনিট এই অৱস্থাত থাকি আকৌ স্বাভাৱিক অৱস্থালৈ আহি ১৫ চেকেণ্ড বিশ্রাম লৈ আসনটো পুনৰ ৫/৬ বাৰ কৰিব। 






উপকাৰিতা – 

মস্তিষ্কত ৰক্ত চলাচল বিঘ্ন নঘটে। মূৰ 1 নুঘূৰে। ক্লান্তিনাশ হয়। চকুৰ দৃষ্টি ভাল হয়। নিম্ন ৰক্তচাপ ভাল হয়, কোষ্ঠ পৰিষ্কাৰ হয়। অকাল বার্ধক্য নাহে। মহিলাৰ শ্বেতপ্রদৰ ৰােগ নিৰাময় হয়।

Post a Comment

0 Comments