শীর্ষাসন - যোগাসন

শীর্ষাসন - যোগাসন



প্রণালী --

 প্রথমতে আঠু ভাজ কৰি (নীল ডাউনৰ নিচিনাকৈ) বহক। এইবাৰ হাত আৰু কিলাকুটি মাটিত ৰাখি হাতৰ আঙুলিবােৰ টানকৈ ধৰক। এইবাৰ মূৰৰ তালু হাতৰ ফাকেৰে মাটিত ৰাখি ভাঁজ কৰি ৰখা আঠু দুটা প্রসাৰিত কৰি ওপৰলৈ তােলক। এই সময়ত যাতে, মূৰ কান্ধ, পিঠি আৰু ভৰি এক সৰল ৰেখাত থাকে তাক লক্ষ্য ৰাখিব লাগিব। হাত আৰু কিলাকুটিৰ ওপৰত দেহৰ ভাৰসাম্য থাকিব। প্রথম অৱস্থাত ইয়াক অভ্যাস কৰা অলপ টান হ'ব। এই কাৰণে প্রথমতে ঘৰৰ বেৰৰ সাহায্যত এই আসন অভ্যাস কৰিব। লাহে লাহে কোনাে সহায় নােলােৱাকৈয়ে কৰিব পৰা হ'ব। ১০/১৫ চেকেণ্ড এই আসনত থাকি লাহে লাহে ভৰি নমাই স্বাভাৱিক অৱস্থালৈ আহিব। ৩/৪ বাৰ এই আসনটো কৰিব। 




উপকাৰিতা — এই আসনটোক স্নায়ু আৰু মস্তিষ্কৰ ব্যায়াম বুলিব পাৰি। ইয়াতে মস্তিষ্ক সুস্থ থাকে। স্নায়ুৰ কোনাে ৰােগ নহয় । অর্শ, অজীর্ণ শুক্র তাৰল্য প্রভৃতি ৰােগ দূৰ হয়। 

Post a Comment

0 Comments