প্ৰণায়াম নং- ৫) ভ্ৰামৰী প্ৰাণায়াম

প্ৰণায়াম নং- ৫) ভ্ৰামৰী প্ৰাণায়াম


কেনেদৰে কৰিব – 


যিকোনাে ধ্যানাসনত বহি ল’ব। দুই হাতৰ তর্জনি আঙুলি দুটা চকুৰ ওপৰত কপালত ৰাখিব। মধ্যমা আৰু অনামিকা আঙুলিৰে দুই চকুত আলসুৱাভাৱে ছাপ দি ৰাখিব। মনত ৰাখিব চকুত যেন জোৰ নপৰে। দুই হাতৰ বুঢ়া আঙুলি দুটাৰে কাণ দুখন বন্ধ কৰি ৰাখিব। কাণ বন্ধ কৰি দিলে বাহিৰৰ আৰু শব্দ শুনা নাযাব। এইবাৰ তিনি চেকেণ্ড মধ্যম গতিত শ্বাস লৈ তাৰ পাছত সেই শ্বাস দহ চেকেণ্ড ধৰি ওঁ শব্দ কৰি ধীৰে ধীৰে এৰিব আৰু মুখ বন্ধ কৰি ডিঙিৰে শব্দ কৰিব। তেতিয়া অনুমান হ'ব যেন ভােমােৰাই হে গুঞ্জন কৰিছে। এই প্রাণায়ামটো এঘাৰৰ পৰা একৈশবাৰ পর্যন্ত কৰিব পাৰি। 






উপকাৰ -


এই প্রাণায়াম নিয়মিত কৰিলে মানসিক ছাপ আৰু অনিদ্রা দূৰ হয়, তেজৰ গতি স্বাভাৱিক হয়। হৃদৰােগীসকলে উপকাৰ লাভ কৰিব পাৰে।

Post a Comment

0 Comments