থাইৰইডৰ লক্ষণবোৰ আগতিয়াকৈ কিদৰে জানিব পাৰি জানো আহক

বৰ্তমান সময়ত থাইৰইড এক সচৰাচৰ ৰোগত পৰিণত হৈছে। বিশেষকৈ মহিলাসকল আটাইতকৈ বেছি এই ৰোগৰ ভুক্তভোগী। প্ৰতি দহজন থাইৰইড ৰোগীৰ ভিতৰত, আঠজন মহিলা। সাধাৰণতে, প্ৰাৰম্ভিক পৰ্য্যায়ত, থাইৰইডৰ কোনো লক্ষণ সহজে চিনাক্ত কৰিব পৰা নহয় আৰু যেতিয়ালৈকে ইয়াক চিনিব পৰা হয়, তেতিয়ালৈকে ই এক ভয়ানক ৰূপ লয় । সেয়েহে, থাইৰইডৰ আগতীয়া লক্ষণবোৰৰ বিষয়ে জানি থোৱাতো অতিকৈ আৱশ্যক । গতিকে আজি আমি আপোনালোকক জনাম  থাইৰইডৰ আগতীয়া লক্ষণবোৰৰ বিষয়ে -

থাইৰইডৰ লক্ষণসমূহ

1. ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা -

যেতিয়া শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে নাইকীয়া হয়, ঔষধ অবিহনে সৰু ৰোগৰ পৰা মুক্তি পোৱা কঠিন হৈ পৰে তেতিয়া গম পোৱা উচিত যে আপোনাৰ থাইৰইড হৈছে । থাইৰইডে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে নাইকীয়া   কৰে। এইয়ে জনা উচিত যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলেই বুজিব লাগে যে আপোনাৰ থাইৰইড হৈছে ।

2. ক্লান্ত বা ভাগৰ অনুভৱ কৰা -

বিশ্ৰামৰ পাছতো ভাগৰ অনুভৱ কৰাটো থাইৰইডৰ এক গুৰুত্বপূৰ্ণ লক্ষণ হ'ব পাৰে। ই শৰীৰৰ শক্তি হ্ৰাস কৰে আৰু কাম কৰিবলৈ এলেহুৱা কৰি তুলে । গতিকে আপোনাৰ শৰীৰৰ শক্তি হ্ৰাস যেন অনুভৱ আৰু কাম কৰিবলৈ এলেহুৱা লাগিলেওঁ সতৰ্ক হোৱা উচিত । কাৰন ইও এক থাইৰডৰ লক্ষণ ।

৩) চুলি সৰা -

থাইৰইড থাকিলে চুলি সৰি যায় ।  কেতিয়াবা চুলি খুব পাতল হৈ থাকে । গতিকে এনেবোৰ লক্ষনে দেখা দিলেওঁ সতৰ্থ হোৱা উচিত ।

4. কোষ্ঠকাঠিন্যৰ অস্বস্তি -

থাইৰড হলে খাদ্য অতি সহজে হজম কৰাত অসুবিধা হয়। কোষ্ঠকাঠিন্য হৈছে এই ৰোগৰ এক সচৰাচৰ সমস্যা, যাৰ ফলত পাকস্থলীৰ সমস্যাও হয়। যদি নিৰন্তৰ কোষ্ঠকাঠিন্য থাকে, আপোনি থাইৰইড পৰীক্ষা কৰাতো অতিকৈ আৱশ্যক ।

5. ছালৰ শুকানতা -

থাইৰইড থাকিলে, চাল সম্পূৰ্ণৰূপে খহটা হ'বলৈ আৰম্ভ কৰে। এই সমস্যাত, চালৰ ওপৰৰ অংশৰ কোষ মৰিবলৈ আৰম্ভ কৰে। এইয়ে এনেবোৰ উপসৰ্গ দেখা দিলেওঁ থাইৰইড পৰীক্ষা কৰাতো অতিকৈ আৱশ্যক ।


Post a Comment

0 Comments