Mozilla ই লৈ আনিব এটা VPN চাৰ্ভিচ

Mozilla ই লৈ আনিব এটা  VPN
চাৰ্ভিচ

Firefox web browser কোম্পানী Mozilla ই লৈ আনিব এটা  VPN
চাৰ্ভিচ । কোম্পানীয়ে অলপতে ঘোষণা কৰিলে যে  Android, chromebook আৰু windows ৰ বাবে উপলব্ধ হব এই চাৰ্ভিছ  ।

Mozilla কোম্পানীৰ মতে এই
VPN চাৰ্ভিচটো হব সম্পু্ৰ্ণ Standalone অৰ্থা ই Mozilla Firefox web browser লগত ইয়াৰ কোনো ধৰনৰ লিংক বা  connection নাথাকিব । কোম্পানীয়ে কিছু মাহৰ আগৰ পৰা এই VPN service টোৰ testing চলাই আছে আৰু  testing প্ৰায় সম্পুৰ্ণ হোৱা বুলি মত প্ৰকাশ কৰিছে । এইয়ে এতিয়া ইয়াক আমেৰিকাত beta program
ত Mozilla Firefox VPN নামৰে আৰম্ভ কৰা হৈছে বুলিওঁ জানিব দিছে । কোম্পানীয়ে ইয়াৰ আগতে Firefox Private Network নামেৰে ইয়াক testing কৰিছিল কিন্তু এই testing ৰ মাজতে ইয়াৰ নাম সলনি কৰি Mozilla VPN বুলি নামাকৰনৰ কৰিলে । বৰ্তমানৰ কাৰনে এই
Mozilla VPN টো আমেৰিকাতহে উপলব্ধ হৈছে কিন্তু পৰৱৰ্তী সময়ত ইয়াক বাকী বোৰ দেশত সোনকালে মুকলি কৰিব বুলি কোম্পানীয়ে জানিব দিছে ।

আপোনাক জনাই দিওঁ যে Mozilla VPN ত No loggingৰ ব্যৱস্থা থাকিব আৰু ই যিকোনো operating system ক সুৰক্ষা প্ৰদান কৰিব । এই VPN এ Wireguard use কৰিব গতিকে ইয়াত অত্যাধিক সুৰক্ষিত VPN বুলি মত প্ৰকাশ কৰা হৈছে । আৰু ইয়াক setup বা configure ৰ ক্ষেত্ৰটো ই অতিকৈ সহজ হব বুলি ইয়াক কোম্পানীয়ে জানিব দিছে ।

গতিকে এইখিনি হৈছে  আজিৰ technical short update..

Post a Comment

0 Comments