ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ

কথকতা এক অন্তহীন আৱেগৰ





অষ্টাদশ খণ্ড

..........তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰল মাথোঁ ছাই...........

 মবাইলটোৰ পৰা ভাঁহি অহা গান শুনি গম পালোঁ সি উঠিলে। হোষ্টেলটো তাৰ একে ৰুটিন আছিল।সাৰ পালে কি নাই যত নতুনকৈ শুনা বা পুৰণি হিন্দী বা ইংৰাজী বা অসমীয়া.. আনকি বেলেগ ভাষাৰ যদি তাৰ ভাল লগা সুৰৰ গান হয়, বজাবই বজাব।  আনৰ সুবিধা অসুবিধা চাবলৈ তাৰ সময় নাই। ।হলেও এই সময়ত এয়া মোৰ বাবে সকাহ । কিয়নো সংগী ৰ লগত উদ্ভৱ হোৱা আচহুৱা অৱস্থা ৰ পৰা বাচিবলৈ এটা বিষয়ৰ বৰ প্ৰয়োজন আছিল।

প্ৰণয়ে  মুখ মেলিলে..

:অই গাধ! ক'ত আছ পাহৰিলি হ'বলা! ইছ ইছ... লোকৰ ঘৰত নো তোৰ হোষ্টেল পুৰাণ মেলিব লাগেনে? ধেৎ । বন্ধ কৰ সেইটো। 

: কিয়?এইটো মোৰ হেবিট বুজিছ। এইটো নহলে মোৰ ৰাতি নুপুৱাই! এনেও তহতৰ দৰে বিৰহী যক্ষ্ই কি বুজিবি সংগীতৰ মোল।  কিবা জানিলেহে!
অ....কাব্যমঞ্জুৰী... বোলো আলহীক চাহ নিদিয়া নেকি?? অই ৰঞ্জন! একো এটা খাব নিদিয় যে! চাল্লা এইবাৰৰ পৰা তোৰ ঘৰত আহিলে ব্ৰেড বাটাৰ লৈহে আহিম ৰ। তেহে যদি খাব পাওঁ!



 ভগৱান! এইটো মানে আমাক লাজত পেলাইহে 
এৰিব  । অভিনন্দন ...... 

প্ৰণয় আৰু মই দুয়ো তলমূৰ কৰিলোঁ। হাঁহি ও উঠিছে.. পাগলটো কৰবাব। 

হিঃ হিঃ ... খটলং!!  কাব‍্যাই চাহ আনি থবলৈ নাপালেই! তাৰ মহান বাণীত উদ্বুদ্ধ হৈ কাপ কেইটা ও কঁপিল । এটা বাগৰিয়ে পৰিল....

ক্ষন্তেকতে হাঁহিৰ শব্দই ঘৰটো বেৰি ধৰিলে।  

হাঁহিৰ কোবত মৃত্যু বৰণ কৰা কাপটো ৰ ৰঞ্জনে থানথিত লগালে। সংগীয়ে  এখন প্লেটত মালপোৱা কেইটামান আৰু নাৰিকলৰ লাৰু কেইটামান লৈ আহিলে। ৰঞ্জনে আকৌ একাপ চাহ বনাই আনে মানে আমাৰ আধা আধি খাই হ'লেই। 


হাঁহি ধেমালিৰে চাহ খাই অভি গা ধুবলৈ গ'ল। সংগী আৰু কাব‍্যাও ভাতৰ যোগাৰ কৰিবলৈ পাকঘৰ পালেগৈ। মই আৰু প্ৰণয়ে ৰঞ্জন ৰ খেতি চাবলৈ তাৰ বাৰী পালোগৈ। আচলতে থিক বাৰী বুলি নহয়... সেউজীয়াৰ মাজত জিৰাবলৈ হে গলো। বৰষুণৰ পাছৰ ৰ'দৰ তীব্ৰতা বেছি হয়। তাতে এতিয়া ন' বাজিছে। গতিকে ৰ'দটোৱে পুৰি আনিছে । ৰঞ্জনে মূৰত জাপি পিন্ধি  হেন্দালিৰ পৰা তিঁয়হ , লেছেৰা আৰু বীন চিঙি আছিল। আমাক দেখি সি মোনাটো আগবঢ়াই দিলে। ঘৰৰ খেতি তাতে জৈৱিক সাৰৰ .. খুব ধুনীয়া  হৈছে। 

ৰঞ্জনে ক'লে.. 
:শান!প্ৰণয়!  বল মাছ মাৰো। জান নে??

:মই জাল মাৰিব নাজানো। প্ৰণয়ে জানে। আজি চেষ্টা এটা কৰি চাব পাৰোঁ অৱশ্যে। 

:থিক আছে  তেন্তে। মই আৰু ৰঞ্জনে জাল মাৰি পিছত তোক শিকাই দিম।  অভি ও আহক নেকি! 
..প্ৰণয়ে ক'লে। 

:অভিয়ে গা ধুই বজাৰলৈ যাম বুলি কৈছিল। সম্ভৱ ৰমেন দাইটিৰ লগত যাব চাগৈ।

ও পাহৰিছিলো এ। ৰমেন দাইটি হল ৰঞ্জন হতৰ গৰু, খেতি আৰু ঘৰ চোৱা চিতা কৰা মানুহজন। মাজুলীৰ মানুহজনে বানপানী ত  ঘৰ বাৰী পা পৰিয়াল হেৰুৱাই ডিব্ৰুগড় পাইছিল হি। গাড়ীৰ আগত পৰি আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল। ভাগ‍্যক্ৰমে তেওঁ ৰঞ্জন ৰ গাড়ীৰ আগত জাঁপ দিছিল।  সি নিজকে আৰু তেওঁক বচাই ঘৰলৈ লৈ আহিছিল। এতিয়া কাব‍্যা তেওঁৰ নিজৰ ছোৱালীৰ দৰে। ৰঞ্জন তেওঁৰ কাৰণে ভগৱান! ভাগ‍্য প্ৰসন্ন হ'লে ভগৱানৰূপী মানুহৰ সংগ লাভ কৰা যায়। 


জীৱনৰ তিতা মিঠাই মানুহক পুৰঠ কৰি তোলে। জীৱনৰ বাটটো যে, আৰু মানুহৰ মনটো! মাজে মাজে মোৰ সন্ন্যাসী হ'বলৈ মন যায়। কথাবোৰ খুলি কব নোৱাৰি বুদ্ধৰ শৰণাগত হবলৈ ইচ্ছা যায়। নাজানো কিয় নিঃসংগ অনুভৱ হয় ! যেতিয়া তীব্ৰ হতাশাৰ ভাব আহে, ভাব হয় আত্মহত্যা ই সঠিক পথ! পিছে আত্মহত্যা মোৰ কাম‍্য নহয়। সংগীৰ দৰেই যুজঁ দিবলৈ মন। মাজে মাজে  বেলেগ ৰ মনৰ ভাৱ জানিবলৈ মোৰ খুবেই ইচ্ছা যায়। এতিয়া যিদৰে ৰমেন দাইটিৰ মনৰ কথা জানিবলৈ মন গৈছে! কিন্তু কিছুমান কথা গুপুতে থকাটো ভাল! অতীতৰ ছায়াই বৰ্তমানক ঢাকি ধৰাতকৈ কিছুমান কথা পাহৰণিৰ গৰ্ভত থকাই শ্ৰেয়। যদিওবা অতীতে মাজে মাজে ভুমুকি মাৰিব, তথাপিও সি ক্ষতিকাৰক নহব। 

ভাবি গুণি থাকোঁতে দেখিলো কাব‍্যা আৰু সংগী দুয়ো জাল আৰু খালৈ লৈ আহি আছে। সংগীৰ দ্বিধাবোধ আতৰিছে যেন পাওঁ! এনেইও সংগীয়ে পৰিস্থিতিৰ লগত মোকাবিলা কৰাত পাকৈত। ৰ'দৰ বাবেই নেকি সংগীৰ গাল দুখন ৰঙচুৱা পৰি আছে। বৰ মৰম লাগিছে তাইক। মনটো ভাল লাগিল। প্ৰিয়জনৰ সুখত সুখী হোৱাৰ মাদকতাই অন‍্যন‍্য!

কাব‍্যাহতে জাল আৰু খালৈটো দলং খনত থৈ পাৰৰ কঁঠাল জোপোৰ তলত বহিলগৈ। গছজোপাৰ গুৰিতে এখন চাং সজা আছে বহিবলৈ বুলি। ছায়া পৰা হেতুকে সেইখিনি ঠাইত বহিবলৈ সুবিধা হব। তাতে পুখুৰীৰ পাৰৰ পৰা অহা বতাহত জিৰাবলৈ ভাল।  

:দৰ্শক  আহি পাৰত বহিলহি, এতিয়া আমাৰ কামাল দেখুৱাৰ হে কথা আৰু দেই। 
     সেইটো ৰঞ্জন।

:এৰা অ। ধুনীয়া ধুনীয়া দৰ্শক দেখি আমাৰ মাছ কেইটা উঠিবহে লাগে আৰু দেই.... । প্ৰণয়ৰ মাত!

সবেই যদি জোকাব পাৰিছে মই নো কিয় পিছ পৰোঁ! হাত উজান দিলোঁ মই ও...

"ঘৰৰ গৰু আৰু বাৰীৰ ঘাঁহে ৰাহি নাহে বোলে। গতিকে ঘৰুৱা দৰ্শকৰ বাদে আন গৰাকীৰ ভাগ‍্যই টানিলেহে টনা ""

কথাষাৰ কৈ আঁৰ চকুৰে চালোঁ, সংগী ৰঙা পৰি গৈছে। মোলৈকে চাই আছে লুকাই লুকাই! মনটো ভাল লাগি গ'ল। লুকাই লুকাই চোৱা চাৱনি!! মানে টো ... উকি মাৰি দিলোঁ হঠাতে! মনটো চোন পমুৱা তুলা হৈ উৰিব ধৰিছে....

ৰঞ্জনে জাল পেলালে। এখন হাতত  ৰছী ডাল আৰু জালৰ একাংশ, সেইখনৰ হাতেৰে ভাঁজ কৰা কিলাকুটিত জালৰ মাজভাগ আৰু আনখন হাতত জালৰ একাংশ... দেখি ভাল লাগিল। জাল খন দলিওৱাৰ সময়ত মেল খাই যোৱা আৰু ...আৰু ...পানীত মেল খাই পৰোতে হোৱা শব্দ!!!  বৰ ভাল লগা!! নিজে নাজানোঁ বাবেই চাগে জাল মাৰোতে হোৱা প্ৰত‍্যেকটো ভংগী মোৰ বাবে কৌতূহলৰ বিষয় হৈছে। এই যে টানি টানি আনি আছে, দুই এটা সৰু মাছ জপিয়াই উঠিছে জালৰ ভিতৰত। ৰঞ্জনে টানি দাঙি ধৰোতে দেখিলো মজলীয়া আকাৰৰ তিনিটা মাছ আৰু অলপ ডাঙৰ মাছ এটা। পাৰলৈ আনি জালৰ গুড়া কেইটা আতৰাই মাছ বাচোতেহে মন কৰিলোঁ, মাছ চোন ভালেকেইটামান উঠিছে।পিছে  সৰু সৰু। ৰঞ্জনে ডাঙৰ মাছটো ৰাখি বাকীকেইটা আকৌ পুখুৰীটোলৈ দলিয়াই দিলে। ক'লে...""মাছৰ পোনা দিছিলোঁ। পিছে ডিঙৰ হোৱাই নাই দেখুন। ""

জালখন এইবাৰ প্ৰণয়ৰ ফালে আগবঢ়াই দিলে। প্ৰণয়েও একে পদ্ধতিৰে জাল মাৰিলে। এইবাৰ এটা চিতল আৰু ৰৌ মাছ উঠিল। সৰু সৰু মাছ আঠটা ৰাখিলে কাব‍্যাই। বাকীকেইটা এৰি দিলে। খালৈ ত সৰু মাছ কেইটা ভৰাই ডাঙৰ তিনিটা এটা বাল্টিত ভৰাই কাব‍্যা আৰু সংগী ঘৰলৈ গ'ল। এইবাৰ মোৰ শিকাৰ পাল। মাছ মাৰিবলৈ আমি তিনিওটাই হাফ পেন্ট পিন্ধি লৈছিলোঁ গতিকে ৰঞ্জন পানীত নামি দিলে। প্ৰণয়ে মোক জাল ধৰিবলৈ শিকাব ধৰিলে। গম পালোঁ দেখাত যিমান সহজ কৰাত টান। ৰছী ডালৰ সৈতে জাল খন পকাই দুভাগ কৰি এভাগ কিলাকুটিৰে ঠেলি আনভাগ ইখন হাতেৰে ধৰি দলিয়াই দিব লাগে। দিলোঁ দলিয়াই। কি কম আৰু! জাল নে চেপেটা পিঠা হ'ল জানো! জাল গৈ দলংৰ মূৰত লাগি হে ধৰিল।ৰঞ্জনে পানীত নমাৰ কাৰণ এতিয়া হে বুজিলোঁ। আকৌ চেষ্টা কৰিলো। পাঁচবাৰ মানত জালখন ফুলিলে। মিৰিকা মাছ তিনিটা উঠিল। কষ্টৰ পুৰষ্কাৰ স্বৰূপে ৰঞ্জনে সেইকেইটা এৰি নিদিলে। পুখুৰীৰ পানী পৰিষ্কাৰ ! গতিকে তিনিওটাই সাতুৰিব ধৰিলোঁ। ৰঞ্জনে যিহেতু পুখুৰীত চূণ আৰু কিবাকিবি দিয়ে , গতিকে চিন্তা নাই।  বহু বছৰ পাছত ল'ৰালি যেন ঘূৰাই পালোঁ আমি!!

 

আমি পুখুৰীৰ পৰা আহি ভালদৰে গা ধুই আজৰি হও মানে অভি আৰু ৰমেন দাইটি ও আহি পালেহি।  বজাৰৰ টোপোলাটো ডাঙৰ যেন পালোঁ। কি বজাৰ কৰিছে তেওঁলোকে হে জানে! 


: ""কাব‍্যা, সংগী! আইদেউ সকল! ডিঙি তিওৱাৰ যতন অকন কৰক আও পায়! আয়ৈ যি মেটমৰা ভাৰ দাঙিছো.. হিচাপত বকচিচ পাব লাগে। ""... অভি ৰ  ব‍্ক্তব‍্য । 
দাইটিয়ে ইতিমধ্যে বস্তুৰ টোপোলা পাকঘৰলৈ লৈ গৈছিল।  অভি য়ে হাত ভৰি ধুই মাছ চাবলৈ পাকঘৰ পালেগৈ। কি যে ল'ৰা!! 
 কিন্তু ভাব হ'ল মানুহ অভিৰ দৰেই হব লাগে। খাৰাংখাচ! কোনো বেয়া ভাৱ নথকা। এনে মানুহে সচাকৈ সকলোকে হাঁহি ৰে পোহৰাই ৰাখিব পাৰে!

(আগলৈ)

Post a Comment

0 Comments