SanDisk এ মুকলি কৰিলে বিশ্বৰ প্ৰথমটো 1TB মেমৰী কাৰ্ড । Memory Card খনৰ দাম কিমান, তাত কি কি সুবিধা থাকিব জানিবলৈ ইয়াত চাওঁক


আমেৰিকাৰ অভিজাত কোম্পানী চেনডিস্ক এ পৃথিৱীৰ প্ৰথম 1 TB মেমৰী কাৰ্ড মুকলি কৰিলে । মেমৰী কাৰ্ড খন মুকলি কৰা পাছতেই লগে লগে কোম্পানীয়ে একেদৰে বিক্ৰীৰ বাবেওঁ অনলাইন শ্বপীং ৱেবচাইটত আজি মুকলি কৰিলে । এই পাৱৰফুল মেমৰী কাৰ্ডখন আপুনি কিনিব পাৰিব এমাজন'ত । বৰ্তমান এমাজনতহে উপলব্ধ হৈছে এই মেমৰী কাৰ্ডখন । তাৰ বাহিৰে অন্য শ্বপীং ৱেবচাইটত উপলব্ধ হোৱা নাই এই মেমেৰি কাৰ্ডখন  । কোম্পানীয়ে প্ৰকাশ কৰা অনুযায়ী এই মেমৰী কাৰ্ডখনৰ ৰাইটিং স্পীড হব ৯০ জিবি যি ডাটা ৰিডিং ১৬০ এম বি পাৰ চেকেণ্ডত কৰিব পাৰিব । অৰ্থাৎ ইয়াৰ পৰা এই কথা স্পষ্ট যে এই মেমেৰী কাৰ্ড খন  4K ভিডিঅ ৰেকৰডিঙত অতিকৈ ভাল পাৰফমেঞ্চ দেখুৱাব ।


এই পাৱৰফুল মেমৰী কাৰ্ডখন মুঠ ১০২৪ জিবি হব যাক মবাইলত লগালে ই এক প্ৰকাৰৰ পৰটেবল হাৰ্ড ডিস্ক ড্ৰাইভেই হব । এই মেমৰী কাৰ্ডখন কোম্পানীৰ মতে 6MB চাইজৰ গান ভৰালে 1,74,760 টা গান ষ্টৰ কৰিব পাৰিব, 50MB চাইজৰ ভিডিঅ ভৰালে 20,971 টা ভিডিঅ ভৰাব পাৰিব, 1GB চাইজৰ চিনেমা ভৰালে 1024 টা চিনেমা ভৰাব পাৰিব আৰু 10MB চাইজৰ ফটো ভৰালে 1,04,856 টা ফটো ভৰাব পাৰিব ।

লক্ষনীয় যে এই মেমৰী কাৰ্ডখন অনলাইন লগতে অফলাইনটো উপলব্ধ হব যি চেনডিস্ক ষ্টৰবোৰত পোৱা যাব । এই মেমৰী কাৰ্ড খনৰ বৰ্তমান মুকলি কৰাৰ পাছত এতিয়া নিৰ্ধাৰিত কৰা দামটো হৈছে ৪৫০ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৩১ হাজাৰ ৫ শ টকা । গতিকে আপুনি যদি বিচাৰে তেন্তে আপুনি এই মেমৰী কাৰ্ডখন কিনিব পাৰিব ।


Post a Comment

0 Comments