ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ

কথকতা এক অন্তহীন আৱেগৰ



নৱম খণ্ড


জ্বলি থকা জুই একুৰাত  পানী ঢালি দিলে যেনে অৱস্থা হয়, মোৰো এই সময়ত তেনে অৱস্থাই হৈছে। অলপ সময়ৰ আগলৈকে যিমান উচ্ছাস আছিল এতিয়া সকলোবোৰ নোহোৱা হৈ গ'ল। সব শূণ্য!!   সব খালী!!

ইমান দেৰি কৰিলোঁ নে মই !! নে মোৰ প্ৰতি তাইৰ কোনো অনুভৱ নাছিল! চকু মুদি ভাবি আছোঁ। কিয় এনে হ'ল মোৰ লগত! 

আচলতে মই বেছি কৈ ভাবিছিলোঁ চাগৈ। কাৰণ মই যিমান কষ্ট দিলোঁ, মোক পাহৰি যোৱাটো তেনেই সাধাৰণ কথা। কথাতে কয় , যেনে কৰ্ম তেনে ফল। নিজে নিজে সান্তনা লোৱাৰ বাদে মোৰ হাতত বেলেগ উপায় নাই! হলেও , মোৰ তাইক জানিবলৈ প্ৰৱল ইচ্ছা উপজিছে !! কেনে আছে তাই?? ক'ত থাকে??  অৱশ্যে আচৰিতো হৈছো মই, ইমান কথা কোৱা ছোৱালীজনীয়ে  আজি কথা কোৱা নাই!  সহযাত্ৰী যোনেই নহওক তাই মনে থকাটো অসম্ভৱ । তেন্তে তাই ইমান সলনি হৈ গ'ল নে!নে তাইৰ.......উমম....তাইৰ গিৰিয়েকে সলনি কৰিলে !

কিয় নাজানো, গিৰিয়েক বুলি ভবাৰ লগে লগে খং উঠি আহিল। তাই আগতেই থিক আছিল। এতিয়া মোৰ এনেকুৱা লাগিছে যেন মই সংগীৰ প্ৰতিৰূপ এটাৰ লগত হে আছোঁ। 

 : উস! 
নজনাকৈয়ে মুখৰে উচ্চাৰণ হ'ল।

:কিবা হ'ল নেকি??দুখ পালে নেকি??
সংগীৰ সচকিত প্ৰশ্ন!

:নাই !নাই!! মই মানে হাতত অলপ দুখ পাই আছিলোঁ। অকস্মাত তাতেই ধৰি দিলোঁ পাহৰি।

নাজানো কিয় , এটা ফাঁকি দিলোঁ। হয়তো মই তাইৰ লগত কথা পতাৰ সুযোগ হেৰুৱাব বিছৰা নায়।

:অহ! ঠাণ্ডাত বিষ বোৰ এনেয়ো বেছি হয়। ভালকৈ থাকিব। নহলে নজনাকৈয়ে আকৌ বিষ উঠাব। 

এৰা!নজনাকৈয়েতো বুকুৰ বিষ আকৌ উঠিছে!তাইক বেলেগৰ লগত ভাবিবলৈ নোৱাৰো, অথচ এয়াই সত‍্য।তাইৰ কথাবোৰ জানিবলৈ মন গল। সেয়ে সুবিধা পাই তাইক প্ৰশ্ন কৰিলোঁ..

:তোমাৰ নাম?? বেয়া নাপাবা দেই সোধাৰ বাবে। 

: নাই নাই। কিয় বেয়া পাম?? ভাল হে হৈছে। আমনি লাগি গৈছিল । আগতে ইমান শুই গৈছিলোঁ বাছত, আজিকালি টোপনি খুব কম হ'ল। সাৰ পালোঁ যে , এতিয়া আৰু টোপনি নধৰে। 
হাঁহি মাৰি কৈছিল তাই। 

যদিও বাছৰ ভিতৰত পোহৰ নাছিল, খিৰিকীৰে অহা পোহৰত তাইৰ মূখখন দেখিছিলোঁ মই!খুব ধুনীয়া দেখিছিলোঁ তাইক।

:অহ! মই মূৰ দুপিয়ালো। 

:মোৰ নাম সংস্থিতা ।  আপোনাৰ নাম??

: মোৰ নাম অনুভৱ!
Seriously!! অনুভৱ! মুখত অহা নামটো কৈ দিলোঁ পটাপট। কিমান আৰু মিছা কবলগীয়া হব চাগৈ.... ভাবিলোঁ মই।

: ইমান ধুনীয়া নাম! ভাল লাগিল লগ পায়।
তাই হাত এখন আগুৱাই দিলে। 

মই ও হাতখনত ধৰিলোঁ। হাতত ধৰা মাত্ৰকে যেন মোৰ দেহৰ মাজেৰে হাজাৰ হাজাৰ ভল্টৰ বিদ‍্যুত প্ৰৱাহিত হ'ল...।সপোন, সপোন লাগিছে...এবাৰ চুই চোৱাৰ হেপাঁহ যে এনেকৈ পূৰণ হব ভবাই নাছিলোঁ। তাইৰ হাতত ধৰোতে তাইও কঁপিছিল নেকি বাৰু!!!

: মোৰো ভাল লাগিল। কৈ হাতখন এৰি দিলোঁ। হ'লেও তাইৰ স্পৰ্শ ৰ মধুৰতা এতিয়া মোৰ দেহে মনে  প্ৰাণে সকলোতে বিৰাজমান!

: আপোনাৰ ঘৰ?? সোধাৰ বাবে বেয়া নাপাব দেই। মই ভাবিলোঁ আপোনাৰো টোপনি অহা নাই যেতিয়া কথাকে পাতোঁ। 
তাই ক'লে। 

:নিশ্চয়। মই ও ভাল পাম। মোৰ ঘৰ ধেমাজি ত। টাউনতে। তোমাৰ??

: গোগামুখত মোৰ মাৰ ঘৰ। 

: আচ্ছা। এতিয়া মানে শহুৰৰ ঘৰৰ পৰা আহি থকা হৈছে??
মনত কিবাই খোছ মাৰি ধৰিছে যদিও স্বাভাৱিক হৈয়ে ক'লো।

উত্তৰ ত তাই মাত্ৰ হাঁহি মাৰিলে। 

:তোমাৰ পৰিয়াল ?? তোমাৰ তেখেতে কি কৰে?? সুধিলোঁ। বুকুত শিল বান্ধি সুধিলোঁ! 

: মোৰ  পৰিয়াল?? সকলো আছে। মোৰ স্বামী এগৰাকী চিকিৎসক। 

উত্তৰ শুনি মোৰ মনত যেন জোৱাৰ হে উঠিছে। চিকিৎসক!! কোন হব পাৰে ??
: নামটো ?? 

: ভাগ‍্যৱান। ভাগ‍্যৱান বুঢ়াগোহাঁই।

 আগলৈ

Post a Comment

0 Comments