ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আবেগৰ

কথকতা এক অন্তহীন আবেগৰ



পঞ্চদশ খণ্ড


ৰঞ্জনে তাৰ ডাস্টাৰ গাড়ীখন লৈ আহিছিল। সুবিধা হল সকলোৰে। ৰঞ্জন আৰু অভি আগত বহিল। সংগীক মাজত লৈ প্ৰণয় আৰু মই কাষত বহিলোঁ। বেগ বোৰ ডিকি ত আগতে ভৰোৱা হৈছিল। মই  সংগীক এনেকৈ আকোৱালি লৈছোঁ যেন তাইৰ গা প্ৰণয়ৰ গাত নালাগে। কিয় জানো সহ‍্য কৰিব পৰা নাই....প্ৰণয়ে যেন তাইক কাঢ়ি দিব... উসঃ.... 

: Possessive চাগৈ ইয়াকে কয়। হাঃ হাঃ ... দেখিছ নে অভি , ৰঞ্জন???

প্ৰণয়ৰ কথা আৰু হাঁহি শুনি খং হে উঠিল । কৈ দিলোঁ

: অ। মোৰ মানুহজনী। মোৰ কথা।  মই ধৰিয়ে থাকিম। 

: থিক আছে, থিক আছে। মই ধেমালি কৰিছোঁ। এনেকৈ ধৰিবি সদায়। এইবাৰ হাত নেৰিবি তাইৰ। 

: মানে??

উত্তৰ নাই! জানো মই। কিন্তু মই কেৱল চহী কৰোঁতে ই আমাৰ বিচ্ছেদ হৈছিল জানো?? তাই আৰু মোৰ বিবাহৰ  প্ৰমান পত্ৰ খন চোন মোৰ লগতেই আছে।এৰা!তাইৰ শাৰী আৰু এইখনেই আছিল মোৰ লগৰী, তাইৰ স্মৃতিৰ! 



গাড়ীত বহোতেই কৈছিলোঁ হস্পিটেল যোৱাৰ কথা। পিছে ৰঞ্জনে মানা কৰিলে। ৰাতি বেছিভাগ ডাক্তৰক লগ পোৱা নাযায়। জৰুৰী বিভাগৰ তাকো ইন্টাৰ্ণ বিলাকহে থাকে। গতিকে সাতে সোতৰ ই মিলি আমাৰ ডাক্তৰ বাবুৰ ঘৰত থকাটোৱে থিৰাং কৰিলোঁ।  

অৱশ্যে ৰঞ্জন ৰ তালৈ যোৱাৰ আন এটা কাৰনো আছে। তাৰ পত্নী কাব‍্যাৰ অলপতে  পৰি গৰ্ভৰ সন্তান হেৰুৱাইছে। গতিকে আমি গলে হয়তো তাইৰ মনটো অলপ ভাল লাগিব। 

ৰঞ্জন আৰু কাব‍্যাঞ্জলীৰ বিয়াৰ দুবছৰৰ পিছত গৰ্ভধাৰণ কৰিছিল। কিন্তু তিনিমাহ হোৱাৰ পিছতে গৰ্ভপাত হৈছিল। তাৰ ছয়মাহৰ পিছত পুনৰ গৰ্ভৱতী হৈছিল কাব‍্যা । এইবাৰ তাইক মাকৰ ঘৰত ৰাখিছিল। সাত মাহত ভৰি দিছিল তাই। পিছে অকস্মাত পিছলি পৰি ....

 ভাবিলেই কিবা লাগে! সন্তান হেৰুৱাৰ দুখ মৰালৈ থাকি যায়। তাই যে দুবাৰকৈ হেৰুৱাই পেলাইছে!  সহানুভূতি নহয়, সাহসী কৰিব লাগিব তাইক এতিয়া। তাই সাহসী। মনোবল আছে, কিন্তু মাতৃ হিয়াই নো নাকান্দিব নে?? 

প্ৰথমতে ৰঞ্জনৰ ঘৰলৈ নাযাওঁ বুলোতে সি কাব‍্যাক ফোন কৰিছিল। 

তাই কৈছিল,""এনেয়ে নাহা নায়। এতিয়া অন্ততঃ এজনী হতভাগিনীক মাত দিবলৈকে  আহা!""


আৰু নাভাবিলো। ৰঞ্জনৰ ঘৰলৈ যাম বুলি এয়া আহি আছোঁ।

তিনি বাজিছে চাগৈ। ঘড়ীটোলৈ চাবলৈ মন যোৱা নাই।    নহলে মনত পেলাই থাকিব সময় পাৰ হৈ গ'ল!!!! 


অসমৰ পৰিষ্কাৰ চহৰ তেজপুৰ। বৰ্ষাসিক্ত ৰাজপথত নিৰৱে থিয় দি  থকা লাইটৰ পোহৰে আলোকিত কৰিছে সকলো।ASTC  পৰা ওলাই দেখা পুখুৰীতো  
 আৰু ভাল লাগিছে এতিয়া। সংগীৰ ফালে চালোঁ। তাই উমান পোৱাই নাই চাগৈ কত কি হৈছে। মোক সাৱটি শান্ত হৈ শুই আছে। তেতিয়াৰ কঁপনি টো নাই যদিও গাটো গৰম। ৰঞ্জনে কৈছে ভাইৰেল বুলি। দূৰ্বল হৈছে বাবে অলপ বেছি বেয়া হৈছে গাটো। কিবা খালে নে নাই গম নাপাওঁ।  তাই কোনোবা লগৰ ঘৰত যোৱাৰ কথাহে আছিল! তাই আমাৰ লগত কেনেকৈ?মোক চিনি পাইছিল নেকি তাই??আৰু কোন এই ভাগ‍্যৱান?? সংগীৰ মূখলৈ চাই  ভাবি আছিলোঁ। এবাৰ প্ৰনয়লৈ চাওঁতে মনত পৰিল ইটো মোক  সংগীৰ কথা কম বুলি কৈছিল! কেনেবাকৈ ই জানে বা সকলো কথা! আৰু ই কিয় কৈছিল এইবাৰ সংগীক মই হেৰাবলৈ নিদিয়াকৈ ধৰি ৰাখিবলৈ! অদৃশ্য সাঁথৰৰ মাজত যেন বন্দী মই! উশাহ যেন চুটি হৈ আহিল...

:""শান""

সংগীয়ে অচেতন অৱস্থাত লোৱা মোৰ নামটোৰ বাবেই নে কি নাজানো, মনটো চোন ভৰি আহিল। উশাহ বোৰ বকুল ফুলৰ দৰে হ'ল। চকুৰে মৰমবোৰ বৈ আহিল .... 
 

আকৌ, আকৌ এবাৰ সংগীৰ প্ৰেমত পৰিলোঁ মই! এইবাৰ কাকো লক্ষ্য নকৰি মোৰ হিয়াৰ আমঠু জনীক সাৱটি ললোঁ খুব জোৰেৰে.... কপালত আঁকি দিলোঁ ইমান সময়ে দিওঁ বুলি দিব নোৱাৰা... নিজক সামৰি ৰখা.... বকুল ফুলীয়া মৰমৰ কলি...

আগলৈ

Post a Comment

0 Comments