প্ৰবিন দত্তৰ কবিতা শিমলুৰ ফুল বুটলা বতাহী ছোৱালীজনী

শিমলুৰ ফুল বুটলা বতাহী ছোৱালীজনী


আজিও একেদৰেই আছে
তাহানিতে এৰি অহা মোৰ
চিনাকী নদীৰ চিনাকী ঘাট,
একে আছে ফটিক পানীৰ ধাৰ ।

মাথো খহনীয়াই বহলাইছে দুপাৰ।

সিপাৰে উঠিছে গৰা
ইপাৰে পাৰে পাতিছে
বালিৰ দীঘলীয়া বাট ।

তথাপি…
ফাগুনৰ পৰশ লাগি
আকাশ ৰাঙলী কৰি
আজিও একেদৰে ফুলিছে
চিনাকী ঘাটৰ সেই
শিমলু জোপা।

আৰু সেই…
মাথাউৰিৰ পলাশ কেইজোপায়ো
হাঁহি হাঁহি একেদৰেই জনাইছে 
ফাগুনক উষ্ম আদৰণী।
মাথো বাঢ়িছে উচ্ছতা
বাঢ়িছে তাৰ শাখা প্ৰশাখা।

একে আছে কিচিৰ-মিচিৰ কোলাহৰ 
নৈ কাণৰ বাঁহনিডৰাও।
আকাশখনে পৃথিৱী চোৱা 
নৈ খনৰ ভাঁজটোত
আজিও নিজক জুমি চায়
ৰান্ধনী বেলিটোয়ে।

ঠিকে আছে সকলোবোৰ!
ইপাৰৰ ৰাঙলী মদাৰবোৰো!
বাঢ়িছে সময়ৰ জোখাৰে 
সিঁহতৰ শাৰিৰীক অবয়ববোৰ।

ইপাৰে ৰৈ ৰৈ চায় আছো মই
উদাস উকা তেনেই উৰুঙা,
শূন্য সিপাৰৰ  চিনাকী ঘাট।
আজি কিবা যেন নাই  তাত !

ধুলি খেলা ফাগুনৰ
সেমেকা আবেলি
ফুটুকী চোলা পিন্ধি
শিমলুৰ ফুল বুটলা 
বতাহী ছোৱালীজনীৰহে
ঠিকনা নাই আজি।

Post a Comment

0 Comments