অনুজ য়েইনৰ কবিতা - বাঁহী



বাঁহী
             ----------

১/ মিহি লাহী সুন্দৰ দেহাটি
পোছাক বিহীন সাতটা
চকূ যেন দেখি, কোনে
স্পৰ্শ কৰিব আজি ৰাতি
গৰখীয়ানে কোনোবা বাঁহীবাদক,গীত কিম্বা কবিতাৰ সূৰত
তেওঁ সুৰ মিলাই নিজা
আঙুলি নচোৱাই।

২/গাঁৱত লাগি থকা ইটো মূৰৰ পৰা
ৰিব ৰিব
নদীৰ সিম যেন চেঁচা

নিৰৱে এটি মিঠা সূৰ ভাহি আহে, ওৰে ৰাতি ভিন্ন সূৰত নিগৰি আহি
দয়ত যেন  তিথাপি লয়।

৩/ পাহাৰীয়া নিজৰা কূলূ কুলূ শব্দত
মিশ্ৰিত কৰুণসুৰে
নিদ্ৰা ভাঙে নদী বাসীন্দাৰ।

৪/ পূৱা বনৰ চৰাই গীত যূৰাই,গছে- লতাই
সাৰ পাই প্ৰফুল্লিত, ৰৈ,ৰৈ বাঁহীৰ উন্মাদনাৰ ঢৌ তুলি তুলি,,,,,,
হে বাহীঁ ,'সুৰৰ ৰাগীত আতৰাই দে মনৰ বিষাদ
সমুদ্ৰ,,,।

5/
কি আচৰিত মায়াৱী সুৰৰ ছন্দ
আঙুলিৰ নাচোনত
আচল প্ৰেমীকাৰ ভংগী মাৰ অপেক্ষাত
যেন আৱৰা কুঁৱলী ফালি মতলীয়া
কৰে শুভ্ৰ শেৱালিৰ
দলিচা পাৰি,
তেওঁ কোন বাৰু পুৱতিৰ
ফেহুঁজালী,,,,,,।


--- অনুজ য়েইন

Post a Comment

0 Comments