অসমত অসহযােগ আন্দোলন কেনেকৈ হৈছিল

অসমত অসহযােগ আন্দোলন কেনেকৈ হৈছিল



বৃটিছৰ শাসন কালত সমগ্ৰ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা অসহযোগ আন্দোলনে যেতিয়া সৰ্বাধিক হৈ উঠিছিল তেতিয়া অসমতাে এই আন্দোলনে জনসাধাৰণক উত্ৰাৱল কৰি তুলিছিল। অসমত এই আন্দোলনৰ সংগঠক, পৰিচালক তাৰু অংশগ্রহণকাৰী আছিল স্কুল-কলেজৰ ছাত্ৰসকল । অসমত কংগ্ৰেছ সমিতি গঠন কৰা, কংগ্ৰেছৰ সদস্য ভর্তি কৰা বিদেশী পণ্য সামগ্রী বিশেষকৈ মদ, ভাং, কানি আৰু বিদেশী বস্ত্ৰৰ দোকান-পােহাৰৰ সন্মুখত পিকেটিং কৰা, সভা-সমিতি তানুষ্ঠিত কৰা, শোভাযাত্রা উলিওৱা এই সকলােবােৰ কাম ছাত্ৰসকলেই কৰিছিল। অসমৰ সকলো ঠাইতে প্রধান নগৰ-চহৰ মদ, কানি আদি বিদেশী বস্তুৰ দোকানত শ শ ছাত্রই পিকেটিং কৰি অসহযােগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। চন্দ্রনাথ শর্মা, তৰুণৰাম ফুকন, নবীন চন্দ্র বৰদলৈ, কুলধৰ চলিহা আদিয়ে আন্দোলনত অংশগ্ৰহণ কৰি আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ছাত্ৰসকলে শিক্ষানুষ্ঠান বর্জন কৰি আন্দোলনত জড়িত হৈ পৰাত অসমৰ ভালেমান ঠাইত উকিল সকলেও চৰকাৰী কোর্ট-কাছাৰীৰ লগতে ওকালতি বর্জন কৰি আন্দোলনত জঁপিয়াই পৰিল। গুৱাহাটীত ওকালতি বৰ্জন কৰি চন্দ্ৰনাথ শৰ্মাই আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ।


অসমৰ কোনাে কোনাে অঞ্চলত অসহযােগ আন্দোলন খাজনা বন্ধ আন্দোলনলৈ পৰিৱর্তিত হৈছিল বিশেষকৈ  কামৰূপৰ বাক্সা আৰু দক্ষিণ কামৰূপ অঞ্চলৰ জনজাতি লোক সকলে অসহযােগৰ সময়তে খাজনা বন্ধ আন্দোলনৰ সূচনা কৰিছিল।

বকো অঞ্চলৰ ভালেমান গাঁৱৰ কৃষক জনসাধাৰণেও আন্দোলনৰ সৈতে সংহতিস্থাপন কৰি সেই অঞ্চলতাে খাজনা বন্ধ আন্দোলন সংগঠিত কবি কৃতকার্যতা লাভ কৰিছিল। অসহযােগ আন্দোলনৰ সময়ত কেইবামাহ ধৰি এই দুয়ােটা অঞ্চলতে চৰকাৰী কর্তৃপক্ষ কোনো চিন-মােকাম নােহােৱা হৈ পৰিছিল। অসমৰ চাহ বাগিছাৰ শ্ৰমিকসকলৰ ওপৰত অসহযােগ আন্দোলনৰ ব্যাপক প্রভাব
পৰিছিল। গান্ধীৰ আবিৰ্ভাৱ আৰু স্বৰাজৰ বাণীয়ে চাহ বাগিছাৰ মানুহক জাগ্ৰত কৰি তুলিছিল।

অসহযোগ আন্দোলনৰ ফলস্বৰূপেই অসমত কানি বিক্ৰীৰ তাৰু সেৱনৰ পৰিমাণ যথেষ্ট কম হৈছিল আৰু সেই সূত্রে চৰকাৰে কানিৰপৰা পােৱা আবকাৰী শুল্কৰ পৰিমাণে অত্যধিক নিম্নগামী হৈছিল।এই আন্দোলনৰ ফলস্বৰূপে ১৯২১-২২ চনত অসমত স্কুল ছাত্র সংখ্যা প্রায় ৭ শতাংশলৈ হ্রাস পাইছিল। আন্দোলনৰ তীব্ৰতাৰ সময়ত ৯ ৰ পৰা ১০ শতাংশলৈ ছাত্রই কলেজ বর্জন কৰিছিল আৰু ইয়াৰে এক তৃতীয়াংশই পুনৰ শ্ৰেণীত ভর্তি হৈছিল । গতিকে এনেদৰে অসমত অসহযোগ আন্দলন গান্ধীজীৰ নেতৃত্বত হোৱা পৰিলক্ষতিত হৈছিল ।

Post a Comment

0 Comments