উচ্চ ন্যায়ালয়ত ইন্টাৰনেট সেৱা বন্ধ কৰিবলৈ পুনৰ আবেদন চৰকাৰ, কিন্তু কি কলে ন্যায়ালয়ে ?

উচ্চ ন্যায়ালয়ত ইন্টাৰনেট সেৱা বন্ধ  কৰিবলৈ পুনৰ আবেদন চৰকাৰ, কিন্তু কি কলে ন্যায়ালয়ে ?



ৰাজ্যত ৯ দিন ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকোতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি মুকলি কৰা হয় পুনৰ ম’বাইল ইণ্টাৰনেট সেৱা । কিন্তু ম’বাইল ইণ্টাৰনেট সেৱা আজি খোলাৰ পাছতে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এই মবাইল ইন্টাৰনেটক খোলা কাৰ্যটোক পুনৰীক্ষণৰ আবেদন দাখিল কৰে । আইন শৃঙ্খলা বিশৃঙ্খলক দোৱাই দি ৰাজ্য চৰকাৰে আজি বিয়লি ৫ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ বন্ধ কৰিব লাগে বুলি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে । কিন্তু চৰকাৰে এই ক্ষেত্ৰত মুখ থেকেচা খালে । ন্যায়ালয়ে চৰকাৰৰ এই আবেদন সম্পূৰ্ণ ৰূপে খাৰিজ কৰিলে । চৰকাৰ আবেদন ন্যায়ালয়ে নাকচ কৰাৰ ফলত এতিয়াৰ পৰা কোনো ধৰণৰ ইণ্টাৰনেট সেৱা ৰাজ্যত ব্যাহত কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে।


উল্লেখ যোগ্য যে  উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত যিসলে ইন্টাৰনেটৰ জড়িয়তে আইন শৃঙ্খলা বিশৃঙ্খল কৰিছে তেওঁলোকেহে বিহিত ব্যৱস্থা লোৱাৰ কথা কয় । তাৰ পৰিৱৰ্তে দুই এক কিছু ব্যক্তিৰ বাবে ইন্টাৰনেট সেৱা বাতিল কৰাটো সমিচন নহয় বুলি মত প্ৰকাশ কৰে ।

Post a Comment

0 Comments