মানুহৰ পিয়াহ লাগে কিয়? Why does a man feel thirsty

আমি মানুহবোৰৰ পিয়াহ লাগে কিয়?


 আমাৰ শৰীৰৰ ওজনৰ শতকৰা ৭০ ভাগ হ’ল পানী । তেজৰে শতকৰা ৯০ ভাগ পানী। এই পানী সকলাে সময়তে নির্দিষ্ট পৰিমাণে থকা আৱশ্যক। শৰীৰত বা তেজত পানীৰ পৰিমাণ বাঢ়ি বা কমি গ'লে মানুহৰ মৃত্যু পর্যন্ত হ'ব পাৰে। শৰীৰে পানী ত্যাগ  আৰু গ্ৰহণৰ মাজেদি সমতা আৰু ভাৰসাম্য বজাই ৰাখে। বেছি হােৱা পানী প্ৰস্ৰাৱ বা ঘাম হিচাপে অথবা জলীয় বাষ্প হৈ নিশাহৰ লগত ওলাই যায়। আনহাতে, শৰীৰত যেতিয়া পানীৰ অভাৱ হয়, তেতিয়া সেই অভাৱ পূৰণৰ বাবে পানী খাবলগীয়া হয়। অৱশ্যে
জলীয় পদার্থ, আনকি, দৈনন্দিন আহাৰৰ পৰাও দেহে কিছু পৰিমাণে পানী সংগ্রহ কৰে।

তেজ আৰু কোষকলাৰ ভিতৰত যি জলীয় পদার্থ থাকে তাত পানীৰ পৰিমাণ অত্যধিক কমি গলে লােণ আৰু অন্যান্য জৈৱ পদাৰ্থৰ ঘনত্ব বাঢ়ি যায়। ইয়াৰ প্ৰভাৱত মগজুত থকা তৃষ্ণা-কেন্দ্র (Thirst Centre) উত্তেজিত হৈ উঠে। তেতিয়াই আমাৰ পিয়াহ লাগে।

Post a Comment

0 Comments