IOS ডিভাইচ'ত whatsapp ব্যৱহাৰ কৰা সকলৰ বাবে আছে এটা সু-খবৰ

IOS ডিভাইচ'ত whatsapp ব্যৱহাৰ কৰা সকলৰ বাবে সু-খবৰ । 


whatsappএ এটা নতুন ফি'চাৰ সংযোজন কৰিছে য'ত এতিয়াৰ পৰা IOS ডিভাইচ'ত whatsapp ব্যৱহাৰ কৰা সকলে সাধাৰন ক'লত পোৱাৰ দৰে ক'ল উৱেটিং (অপেক্ষা)ৰ সুবিধা পাব । অৰ্থাৎ আপুনি whatsappত কাৰোবাৰ সৈতে অডিঅ ক'ল বা ভিডিঅ ক'ল কথা পাতি থাকোতে কোনোবাই ফোন কৰিলে আপোনাৰ স্ক্ৰিন'ত দেখুৱাব যে কোনোবা বেলেগ ব্যক্তিয়ে আপোনাক ফোন কৰি অপেক্ষা কৰি আছে বুলি গম পাব । একেদৰে যিজনে আপোনাক ফোন কৰিব এইজনেওঁ এই ফিচাৰটোৰ যোগেদি গম পাব যে আপুনি কাৰোবাৰ সৈতে কথা পাতি আছে বুলি । অৰ্থাৎ এটা সাধাৰন ফোন কল'ত যিদৰে কল উৱেটিং ব্যৱস্থা আছে ঠিক একে ধৰে whatsappটো এতিয়াৰ পৰা কল উৱেটিং ব্যৱস্থা পাব ।

আনহাতে এতিয়াৰ পৰা আপনালোকে whatsapp গ্রুপ চ্যাটিংত বিশেষ ধৰনৰ  privacy maintain কৰা এটা ব্যৱস্থা পাব ।  whatsapp এই আই.অ.এচ ডিভাইচৰ সকলৰ বাবে এই দুটা আপডেট লৈ আনিছে ।  গতিকে এই নতুন feature আনন্দ আপুনি যদি উঠাব বিচাৰে তেন্তে আজিয়েই আপোনাৰ মোবাইলৰ app store যাওক আৰু whatsapp আপডেট কৰক ।

Post a Comment

0 Comments