ৰাজ্যৰ ৰাজ্যপাল বিষয়ে আলোচনা

ৰাজ্যৰ ৰাজ্যপাল বিষয়ে আলোচনা



আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰাজ্যৰ ৰাজ্যপালৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ৰাজ্যৰ ৰাজ্যপালৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।


ৰাজ্যপাল (The Governor) ঃ 



সংবিধানৰ ১৫৫ নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্রপতিয়ে নিয়ােগ কৰে যদিও তেওঁ মন্ত্রীসভাৰ পৰামৰ্শ মানি চলিব লাগিব। ৰাজ্যপাল নিয়ােগ সংক্রান্তত সাধাৰণতে দুটা নিয়ম মানি চলা হয়। প্রথমতে কেন্দ্রীয় চৰকাৰে কোনাে ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত দিয়াৰ সময়ত সংশিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰামৰ্শ কৰিব লাগে । দ্বিতীয়তে, ৰাজ্যপালজন আন ৰাজ্যৰ লােক হ’ব লাগিব। ৰাজ্যপালৰ অৰ্হতাসমূহ ও সংবিধানমতে ৰাজ্যপাল পদবীৰ অৰ্হতাসমূহ হ’ল –প্রথমে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে, তেওঁৰ বয়স ৩৫ বছৰৰ কম হ'ব নােৱাৰিব। তৃতীয়তে, তেওঁ কেন্দ্রীয় নাইবা ৰাজ্যৰ বিধানমণ্ডলৰ সদস্য হ'ব নােৱাৰিব আৰু চতুর্থতে, তেওঁ কোনাে লাভজনক পদত নিয়ােজিত হ’ব নােৱাৰিব।


কার্যকাল ঃ 


ৰাজ্যপালজনৰ কাৰ্যকাল সাধাৰণতে ৫ বছৰ যদিও তাৰ আগতে তেওঁক ৰাষ্ট্রপতিয়ে ক্ষমতাচ্যুত নাইবা স্থানান্তৰিত কৰিব পাৰে। কার্যকাল শেষ হােৱাৰ আগতে তেওঁ স্ব-ইচ্ছাই পদত্যাগাে কৰিব পাৰে। কার্যভাৰ
গ্ৰহণৰ আগতৰাজ্যপালজনে উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতিৰ আগত তেওঁৰ কাৰ্যালয়ৰ কার্যভাৰ গ্ৰহণ আৰু সংবিধানৰ
প্রতি অনুগত্যৰ শপত বাক্য পাঠ কৰিব লাগে।

ৰাজ্যপালৰ ক্ষমতা আৰু কার্যাবলী ঃ


ৰাজ্যপাল হ’ল ৰাজ্যৰ শাসনব্যৱস্থাৰ সর্বোচ্চ শিখৰত। তেওঁ ৰাজ্যৰ
শাসনব্যৱস্থাৰ নিয়মতান্ত্রিক মুৰব্বী। সংবিধানে তেওঁৰ হাতত ব্যাপক ক্ষমতা ন্যস্ত কৰিলেও, তেওঁৰ সেই ক্ষমতা সভাৰ ওচৰত দায়িত্বশীল মন্ত্রী পৰিষদৰ পৰামর্শ অনুসৰিহে ব্যৱহাৰ কৰিব পাৰে। তেওঁৰ ক্ষমতাসমূহ প্রশাসনীয়, বিধায়িনী, আর্থিক, ন্যায়িক আৰু স্বেচ্ছাধীন বা স্ব-বিচাৰ ক্ষমতা আদি ভাগত ভাগ কৰি আলােচনা কৰিব পাৰি।

(১) প্রশাসনীয় ক্ষমতা - সংবিধানৰ ১৫৪ নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ প্রশাসনিক ক্ষমতা ৰাজ্যপালৰ হাতত ন্যস্ত থাকিব আৰু এই শাসনভাৰ তেওঁৰ নামত পৰিচালিত হ'ব। ৰাজ্যপালে প্রথমে বিধানসভাৰ সংখ্যাগরিষ্ঠ দলৰ নেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তাৰপিচত মুখ্যমন্ত্ৰীৰ পৰামর্শ অনুযায়ী অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলকো ৰাজ্যপালে নিয়ােগ কৰে। তেওঁ ৰাজ্যৰ এডভােকেট জেনেৰেল আৰু লােকসেৱা আয়ােগৰ সদস্যসকলক নিয়ােগ কৰে। ৰাজ্যৰ উচ্চচ ন্যায়ালয়ৰ ন্যায়াধীশসকলক পৰামর্শ অনুযায়ী ন্মিন আদালত বিচাৰকসকলকে নিয়ােগ কৰে। তেওঁ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰাে আচার্য ।
ৰাজ্যৰ শাসনব্যবস্থা সংবিধান অনুযায়ী পৰিচালিত নহ'লে, সেই সম্পর্কে তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্রতিবেদন পঠাব লাগে। ৰাষ্ট্রপতিয়ে তেতিয়া সেই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনসৰি সেই ৰাজাত সংবিধান অচলাবস্থাৰ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। তেতিয়া সেই ৰাজ্যৰ শাসনভাৰ তেওঁৰ হাতলে গুচি যায়। এনে পৰিস্থিতিত ৰাজ্যপালজন ৰাজাৰ শাসনব্যবস্থাৰ সর্বেসর্বা হয় আৰু তেতিয়া তেও কেন্দ্রীয়
চৰকাৰৰ দূত হিচাপে কার্যনির্বাহ কৰে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰা যি কোনো বিষয় সংবাদ বা তথ্যাদি বিচাৰিব পাৰে। তেতিয়া মুখ্যমন্ত্ৰীয়ে সেই বিষয়ে ৰাজ্যপালক অৱগত কৰাব লাগে। কোনাে নির্দিষ্ট বিষয় মন্ত্রী পৰিষদৰ বিবেচনাৰ বাবে পেচ্ কৰিবলৈ ৰাজ্যপালে মুখ্যমন্ত্ৰীক নির্দেশ দিব পাৰে। ইয়াৰ উপৰি ৰাজ্যপালে প্রশাসন সংক্রান্তীয় যিকোনাে আদেশ আক নিদের্শ জাৰি কৰিব পাৰে।

(2) বিধায়িনী ক্ষমতা ৰাজ্যপালজন ৰাজ্যৰ আইন সভাৰ বা বিধানমণ্ডলৰ অংগ। কিন্তু তেওঁ ইয়াৰ সদস্য নহয় আৰু ভােটদানাে নকৰে। তেওঁ ৰাজ্যৰ বিধানমণ্ডলৰ অধিৱেশন অহ্বান, মুলতবী বা সমাপ্তি ঘােষণা কৰিব পাৰে। তেওঁ প্রতিবছৰে প্রথম অধিৱেশনৰ প্রথমদিনা ভাষণ দিয়ে। ইয়াৰ উপৰি তেওঁ আইন সভালৈ বাণী পঠিয়াব পাৰে। তেওঁ ইয়াৰ বিশেষ অধিবেশনাে আহ্বান কৰিব পাৰে। ৰাজ্যপালৰ বিনা অনুমতিত কোনাে বিল আইনত পৰিণত হ'ব পাৰে। বিধানমণ্ডলে অনুমােদন কৰা বিলত ৰাজ্যপালে সন্মতি দিবও পাৰে, নিদিবও পাৰে নাইবা সনলৈ বিলখন ওভতাই পঠাব পাৰে নাইবা ৰাষ্ট্রপতিৰ বিবেচনাৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰে। আইন সভালৈ ওভতাই পঠোৱা কোনাে বিল যদি পুনৰ ৰাজ্যপাললৈ পঠিওৱা হয়, তেতিয়া দ্বিতীয়বাৰৰ বাবে ৰাজ্যপালে বিলখনত স্বাক্ষৰদান কৰিবলৈ বাধ্য থাকিব। ৰাজ্যপালৰ স্বাক্ষৰ লগে লগে ই ৰাজ্যৰ আইনত পৰিণত হয়। যি ৰাজ্যত ইংগ-ভাৰতীয় সম্প্রদায়ৰ লােক আছে, সেই সম্প্রদায়ৰ পৰা ৰাজ্যপালে এজন লােকক বিধানসভালৈ মনােনীত কৰিব পাৰে৷ বিধানমণ্ডল চলি নথকা অৱস্থাত তেওঁ অস্থায়ী অধ্যাদেশাে জাৰি কৰিব পাৰে।

(৩) বিত্তীয় ক্ষমতা ঃ ৰাজ্যপালৰ বিনানুমতিত কোনাে বিত্তীয় বিল আইনত সভাত উত্থাপিত হ'ব নােৱাৰে। ৰাজ্যৰ আয়-ব্যয়ৰ হিচাপ-নিকাচ অর্থাৎ বাজেট (Budget) যাতে নির্ধাবিত সময়ত আইন সভাত উত্থাপন কৰা হয়। তাৰ প্ৰতি তেওঁ নজৰ দিব লাগে। জৰুৰীকালীন পৰিস্থিতি মােকাবিলা কৰিবলৈ ৰাজ্যপালৰ নামত ৰাজ্যৰ এটি জৰুৰী তহবিল আছে। উল্লেখযােগ্য যে ৰাজ্যপালে কোনাে অর্থ বিল ওভতাই পঠাব নােৱাৰে। তেওঁ অর্থ বিলত স্বাক্ষৰদান কৰিবলৈ বাধ্য।

(৪) ন্যায়িক ক্ষমতা ঃৰাজ্যপালৰ কিছুমান ন্যায়িক ক্ষমতাও আছে। তেওঁ উচ্চ ন্যায়ালয়ৰ পৰামর্শ অনুযায়ী নিম্ন আদালতৰ বিচাৰকসকলক নিয়ােগ কৰে। তেওঁ অপৰাধী কোনাে ব্যক্তিৰ অপৰাধ ক্ষমা কৰিব পাৰে। তেওঁ তেনে ব্যক্তিৰ দণ্ডাদেশ স্থগিত কৰিব বা দণ্ডৰ পৰিমাণ হ্রাস কৰিবও পাৰে। কিন্তু মৃত্যুদণ্ডৰে দণ্ডিত কোনাে ব্যক্তিক তেওঁ ক্ষমা কৰিব নােৱাৰে।

(৫) স্ববিচাৰ বা স্বেচ্ছাধীন ক্ষমতা (Discretionary Powers) ঃ সংবিধানৰ ১৬৩ নং অনুচ্ছেদ অনুযায়ী ৰাজ্যপালে কিছমান স্ব-বিচাৰ ক্ষমতা ভােগ কৰে। তেওঁ তেওঁৰ এই ক্ষমতা প্রয়ােগ কৰােতে মন্ত্রী পৰিষদৰ পৰামর্শ মানি চলিবলৈ বাধ্য নহয়। ৰাজ্যপালৰ স্ব-বিচাৰ ক্ষমতাৱলীব বিষয়ে কিন্তু সংবিধানত উল্লেখ নাই। তেওঁৰ স্ব-বিচাৰ ক্ষমতা কি কি, সেইটো তেওঁ নিজেই ঠিক কৰিব। তেওঁৰ এই সিদ্ধান্তৰ ওপৰত কোনেও মাত মাতিব নােৱাৰে। তলত
দিয়া ক্ষেত্ৰসমূহত তেওঁ তেওঁৰ স্ব-বিচাৰ ক্ষমতা প্রয়ােগ কৰিব পাৰে।

(ক) ৰাজ্যৰ আইন সভাই গ্রহণ কৰা কোনাে এখন বিলত ৰাজ্যপালে স্বাক্ষৰ কৰিব নে ৰাষ্ট্ৰপতিৰ সন্মতিৰ কাৰণে সংৰক্ষণ কৰিব, এইক্ষেত্ৰত তেওঁ স্ব-বিচাৰ ক্ষমতা প্রয়ােগ কৰিব পাৰে।

(খ) কোনাে ৰাজ্যত সংবিধান অনুযায়ীশাসনকার্য পৰিচালিতনহলে তেওঁ ৰাষ্ট্রপতিক প্রতিবেদন দাখিল কাৰ।
ক্ষেত্ৰত তেওঁৰ স্বেচ্ছাধীন ক্ষমতা প্রয়ােগ কৰিব পাৰে।

(গ) সদনৰ মজিয়াত আস্থাৰ ভােটত পৰাজয়ৰণ কৰা কোনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক বিধানসভা ভাঙি দিয়াৰ পৰামর্শ দিলে ৰাজ্যপালে তেওঁৰ নিজৰ বিবেচনা প্রয়ােগ কৰিব পাৰে।।

(ঘ) কোনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অকস্মাতে বিয়ােগ হলে পৰৱর্তী মুখ্যমন্ত্রী নির্বাচিত নােহােৱালৈকে ৰাজ্যপালে কোনাে ব্যক্তিক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ নিজৰ বিচাৰ-বিবেচনা খটুৱাব পাৰে। ।

(ঙ) ৰাজ্যৰ প্ৰশাসনীয় বিষয় সম্পর্কে মুখ্যমন্ত্ৰীৰ পৰা তথ্যাদি বিচাৰৰ ক্ষেত্ৰত ৰাজ্যপালে তেও ক্ষমতা ব্যৱহাৰ কৰিব পাৰে।।

(চ) অর্থ বিলৰ বাহিৰে আন বিলসমূহ পুনর্বিবেচনাৰ বাবে আইন সভালৈ ওভতাই পঠোৱাৰ ক্ষেত্ৰত ৰাজ্যপালে তেওঁৰ স্ব-বিচাৰ ক্ষমতা প্রয়ােগ কৰিব পাৰে। ইয়াৰ উপৰি সংবিধানে ৰাজ্যপালক কিছুমান বিশেষ ক্ষমতাও প্রদান কৰিছে। ৰাষ্ট্রপতিয়ে যদি কোনাে ৰাজ্যৰ ৰাজ্যপালক ওচৰ-
চুবুৰীয়া কোনাে কেন্দ্রীয়শাসিত অঞ্চলৰ দায়িত্ব অর্পণ কৰে, তেন্তে সেই ক্ষেত্ৰত তেওঁ ৰাজ্যিক মন্ত্রী পৰিষদৰ পৰামর্শ নলয়। মেঘালয়, অৰুণাচল প্রদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ছিকিম আৰু মণিপুৰ - এইকেইখন ৰাজ্যৰ ৰাজ্যপালসকলক কিছুমান কিছুমান বিশেষ ক্ষমতা দিছে। তদুপৰি নাগালেণ্ডৰ ৰাজ্যপালক আভ্যন্তৰীণ আইন-শৃংখলা ৰক্ষাৰ বাবে কিছুমান বিশেষ দায়িত্ব দিছে।

সাংবিধানিক পদমর্যদা আৰুভূমিকা ঃ

পদমর্যদাৰ ফালৰপৰা ৰাজ্যপালৰ স্থান ৰাজ্যৰ প্ৰশাসনৰ সর্বোচ্চ শিখৰত।
ৰাষ্ট্ৰপতিৰ দৰে তেওঁ যদিও নিয়মতান্ত্রিক প্রধান, তথাপি তেওঁ কিছুমান ক্ষেত্রত প্রকৃত শাসকৰ ভূমিকা পালন কৰা দেখা যায়। তেওঁ যেতিয়া স্ব-বিচাৰ ক্ষমতা প্রয়ােগ কৰে, তেতিয়া তেওঁ প্রকৃত শাসক হৈ পৰে। তেতিয়া তেওঁ মন্ত্রী পৰিষদৰ পৰামর্শ গ্রহণ নকৰে। যেতিয়া সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্রপতিয়ে কোনাে ৰাজ্যত সংবিধান অচলাবস্থাৰ জৰুৰী অৱস্থা ঘােষণা কৰে, তেতিয়া ৰাজ্যপালজন সেই ৰাজ্যৰ শাসনৰ কেন্দ্রবিন্দু হৈ পৰে। অর্থাৎৰাজ্যৰ শাসনব্যৱস্থাত প্রকৃত শাসকৰ ভূমিকা পালন কৰে। ৰাজ্যপালে ৰাজ্যৰ সামগ্রিক উন্নয়নৰ কাৰণে চকু দিব লাগে। ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ যাতে সুৰক্ষিত হয় তাৰবাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্যৰ সকলাে শ্ৰেণীৰ লােকৰ মাজত যাতে ভাতৃত্ব ভাব বজাই ৰাখে, তাৰ ।
প্রতি তেওঁ নজৰ দিব লাগে। দেশৰ ঐক্য আৰু সংহতি বজাই ৰখাৰ ক্ষেত্ৰত ৰাজ্যপালৰ গুৰুত্বপর্ণ ভূমিকা আছে।
ৰাজ্যপালজন হ’ল কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ প্রধান যােগসুত্ৰকাৰী। তেওঁ ৰাজ্য চৰকাৰৰ সিদ্ধান্তসমূহ কেন্দ্রীয় চৰকাৰক অৱগত কৰে আৰু কেন্দ্রীয় চৰকাৰৰ নিদের্শাৱলী কার্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক পৰামর্শ দিব পাৰে। তেওঁ কেন্দ্র-ৰাজ্যৰ সম্পর্ক উন্নয়নৰ ক্ষেত্ৰতাে তাগভাগ লাব পাৰে।


গতিকে এইয়াই হৈছে ৰাজ্যৰ ৰাজ্যপালৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments