কেনেকৈ সংঘটিত হল প্ৰিয়ংকা ৰেড্ডী'ৰ ঘটনাটো ?? আৰম্ভনীৰ পৰা শেষলৈ জানো আহক !

কেনেকৈ সংঘটিত হল প্ৰিয়ংকা ৰেড্ডী'ৰ ঘটনাটো ??


     

বৰ্তমান হায়দৰাবাদৰ প্ৰিয়ংকা ৰেড্ডী'ৰ ধৰ্ষণৰ কৰুণ ঘটনাটোৱে সমগ্ৰ দেশত তোলপাৰ লগাই আছে । গতিকে আজিৰ এই লেখাটোত আমি আপোনালোকক প্ৰিয়ংকা ৰেড্ডীৰ এই কৰুন ঘটনাটোৰ ভিতৰৰ আচল সম্পুৰ্ণ ঘটনাটো কৰ পৰা কেনেকৈ সংঘটিত হল এইয়া আৰম্ভনীৰ পৰা শেষলৈ জনাম । গতিকে লেখাটো শেষলৈ পঢ়িব । তেতিয়া সকলো গম পাব ।


জানো আহক কেনেকৈ সংঘটিত হল প্ৰিয়ংকা ৰেড্ডী'ৰ ঘটনাটো ……… 

প্ৰিয়ংকা ৰেড্ডী মেহবুবনগৰ জিলা'ৰ এগৰাকী পশু চিকিৎসক আছিল । যোৱা বুধবাৰৰ দিনাখন পশু চিকিৎসালয়ত ডিউটি কৰিবলৈ গৈছিল প্ৰিয়ংকা ৰেড্ডী । তাৰ ওপৰিওঁ এই দিনাখনত প্ৰিয়ংকা ৰেড্ডী স্কিন কেয়াৰ হস্পিতালত আছিল এপইন্টমেন্ট । এইয়ে গধুলি ৬.১৫ ত নিজৰ স্কুটি লৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰিয়ংকাই । যাওঁতে প্ৰিয়ংকাই টংডুপল্লী টোল গেট'ত স্কুটিখন পাৰ্কিং কৰিছিল যদিওঁ এই সময়তে টোল গেট'ত থকা পুলিচ এজনে কলে যে ইয়াত (টোল গেট)ত বাইক পাৰ্কিং কৰিলে পুলিচে বাইকখন উঠাই লৈ যায় গতিকে অলপ দুৰত বাইক পাৰ্কিং কৰিবলৈ অনুৰুধ কৰা বাবে প্ৰিয়ংকাই টোল গেটৰ অলপ দূৰত বাইক পাৰ্কিং কৰে । আৰু বাইক পাৰ্কিং কৰি প্ৰিয়ংকা নিজা কামলৈ অগ্ৰহৰ হয় ।

যেতিয়া প্ৰিয়ংকাই নিজৰ কাম কৰি বাইকখনলৈ উভতি আহে তেতিয়া প্রিয়ঙ্কাই দেখে যে তাইৰ বাইকখনৰ ওচৰত দুজন ব্যক্তি  ঠিয় হৈ আছে । প্ৰিয়ংকাই এই দুজন ব্যক্তিক দেখি কিছু ভয় খাইছিল । ইফালে যেতিয়া প্ৰিয়ংকা তাইৰ বাইক খনৰ ওচৰত পালে তেতিয়া দেখে যে তাইৰ বাইক খনৰ চকা পাম্চাৰ হৈ আছে । বাইক খনৰ এই অৱস্থা দেখি প্ৰিয়ংকা আৰু বেছি ভয় খালে । প্ৰিয়ংকাৰ এইদৰে ভয় খোৱা দেখি ওচৰতে থকা ট্ৰাক ড্ৰাইভাৰ এজনে সহায় কৰাৰ আশ্বাস দিলে । ইফালে অচিনাকী মানুহৰ আগত এনে পৰিস্থিত সন্মুখিন হৈ প্ৰিয়ংকাই অলপো দেৰি নকৰি নিজৰ ভন্টিলৈ ফোন কৰে আৰু সকলো কথা বিৱৰি কয় । ইফালে ভন্টিয়ে সকলো কথা শুনি প্ৰিয়ংকাক অতি সোনকালে তাইক তাতেই বাইখন এৰি ঘৰলৈ আহিবলৈ পৰামৰ্শ দিয়ে । 


ভন্টিৰ পৰামৰ্শ মতে প্ৰিয়ংকাই ঘৰলৈ যাবলৈ খুজোতে ট্ৰাক ড্ৰাইভাৰ জনে প্ৰিয়ংকাক যাবলৈ বাধা প্ৰদান কৰি বাইকখন ঠিক কৰি একেলগে বাইকখন লৈ যাবলৈ কয় । ড্ৰাইভাৰ জনে এনেকৈ কৈয়েই লগে লগে প্ৰিয়ংকাৰ পৰা বাইকখন লৈ ওচৰতে থকা এজন সৰু লৰাক বাইকখন দি ওচৰৰে যিকোনো এখন দোকানত বাইকখন মেৰামতি কৰি আহিবলৈ পঠিয়াই দিলে । এনেদৰে লৰা জনক বাইক খন দি পঠিওৱাৰ পাছত প্ৰিয়ংকাই উৎকন্ঠাৰে এই ঠাইখনতে বাইকখন উভতি অহালৈ অপেক্ষা কৰি ৰৈ থাকিল । কিন্তু দুৰ্কপাল যে ঠিক এঘন্টা মানৰ পাছত সৰু লৰা জনে বাইকখন পুনৰ ঠেলি ঠেলি লৈ আনি কলে যে সি বহুতো ঠাই ঘুৰিলে কিন্তু কতো বাইক মেৰামতি কৰা দোকান খোলা নাপালে । গতিকে বাইকখন ঠিক কৰা নহল ।

তেতিয়া প্ৰায় নশা ৯ বাজি ৩০ মিনিট  গৈছিল । গতিকে ৰাতি গভীৰতালৈ ঢাপলি মেলিবলৈ আৰম্ভ কৰিছিল । এইয়ে চাগে বাটত মানুহৰ আহ যাহ একেবাৰে নাইকীয়া হৈ ঠাইডোখৰ নিজম পৰিছিল । পৰিস্থিতিৰ এনে বিষম অৱস্থা দেখি প্ৰিয়ংকাই আৰু অত্যাধিক বেচি ভয়ক কম্পমান হব ধৰিলে আৰু লগে লগে ভন্টিলৈ ফোন কৰি সকলো কথা বিৱৰি কলে । প্ৰিয়ংকাৰ সকলো কথা শুনাৰ পাছত ঘৰৰ পৰা প্ৰিয়ংকা'ক আনিবলৈ মানুহ যা যোগাৰ কৰিছিল যদিওঁ ঘৰৰ পৰা প্ৰায় ২০ মিনিটৰ পাছত যেতিয়া প্ৰিয়ংকাৰ ভন্তিয়ে প্ৰিয়ংকাক ফোন কৰিলে তেতিয়াই প্ৰথম প্ৰিয়ংকাৰ ফোন অফ পাই । তাৰ পাছতে লগে লগে পৰিয়ালৰ লোকে ভিন্ন ফোনৰ পৰা প্ৰিয়ংকাক ফোন কৰিবলৈ ধৰিলে যদিও প্ৰিয়ংকাৰ ফোন অফ পাব ধৰিলে । লগে লগে পৰিয়ালৰ লোক বেছি ভয় খাই লৰা লৰিকৈ আহি টোল গেট পালেগৈ । টোল গেটলৈ আহি পৰিয়ালৰ লোকে বহুতো সময় প্ৰিয়ংকাক বিচাৰি চলাথ কৰি ফুৰিলে । কিন্তু তেওঁলোকে এইটো স্থানত প্ৰিয়ংকাক আৰু বিছাৰি নাপালে । পৰিস্থিতি বিষম দেখি অৱশেষত প্ৰিয়ংকাৰ পৰিয়ালে পুলিচৰ কাষ চাপে । 

লক্ষনীয় যে যেতিয় প্ৰিয়ংকাৰ পৰিয়াল আহি পুলিচ থানাত গোচৰ তৰিব খুজে তেতিয়া এই থানাৰ অফিচাৰজনে প্ৰিয়ংকাৰ পৰিয়ালক বহুত অসভ্য আচৰন কৰে । (যি কথা প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে অলপতে স্বীকাৰ কৰিছে) । অফিচাৰ জনে প্ৰয়ংকাই কোনোবা লৰাৰ লগত পলাই গল বুলি গোচৰ লব নিবিচাৰিছিল যদিওঁ প্ৰিয়ংকাৰ মাকে কান্দি কাটি বহুত অনুৰুধ কৰাৰ পাছত গোচৰ ৰুজো হয় । 

এনেদৰে গোচৰ ৰুজো কৰা পাছত পুলিচে ঘটনা স্থলিত গৈ ৰাতি বহুত বিচাৰিলে প্ৰিয়ংকাক ।  কিন্তু ৰাতিটো আৰু কোনো কাৰনত প্ৰিয়ংকা'ক বিচাৰি পোৱা নগল । 

পাছদিনা ৰাতিপুৱা হায়দৰাবাদ আৰু বাংগালুৰৰ নেচনেল হাইৱেত প্ৰিয়ংকা নিথৰ দেহ দেখা গল যত এই প্ৰিয়ংকাৰ নিথৰ দেহ সাধাৰন নিথৰ হৈ থকা নাছিল । সম্পুৰ্ণ উলংগ অৱস্থাৰে দেহৰ অধিকাংশ অংশ জ্বলি চাই হৈ আছিল প্ৰিয়ংকাৰ নশ্বৰ দেহ । উৎকঠ পোৰা গোন্ধৰে গোন্ধাই থকা প্ৰিয়ংকাৰ দেহটো ৰাতিপুৱা মানুহে প্ৰতেক্ষ কৰাৰ লগে লগে পুলিচক খবৰ দিয়ে আৰু পুলিচো লগে লগে উপস্থিত হোৱা পাছত কালি ৰাতিৰ পৰা হেৰুৱাই থকা প্ৰিয়ংকাজনী হব পাৰে বুলি পুলিচে প্ৰিয়ংকাৰ ঘৰত শৱদেহ চিনাক্তকৰনৰ বাাবে মানুহ মাতি পঠিয়াই ।  আৰু লগে লগে প্ৰিয়ংকাৰ ঘৰৰ মানুহে আহি মৃতদেহটো প্ৰিয়ংকাৰ হয় চিনাক্ত কৰে ।

প্ৰিয়ংকাৰ মৃতদেহটো পাছত পোষ্টমৰ্টেনৰ দ্বাৰা গম পোৱা গল যে প্ৰিয়ংকাৰ মৃত্যুৰ আগতে কেইবাটাওঁ নৰপিশাছে উপৰ্য্যুপৰি ধৰ্ষণ কৰা হৈছিল । 

প্ৰিয়ংকা ৰেড্ডীৰ এই ঘটনাৰ পাছত পুলিচে এতিয়ালৈকে অভিযুক্ত ৪ জনক গ্ৰেপ্তাৰ কৰিছে ।


লেখাটো ভাল পালে চেয়াৰ কৰিব । অনুগ্ৰহ কৰি কপি পেষ্ট নকৰিব । 


আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক


আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক



Post a Comment

0 Comments