মানুহে কান্দিলে চকুপানী ওলাই কিয় ??

আজি আমি আপোনালোকক জনাম মানুহে কান্দিলে চকুপানী ওলায় কিয় ?

আপোনালোকে জানেই যে মানুহ কন্দাৰ লগে লগে চকতু চকুপানী ওলায় । কেৱল দুখতে নহয় , বহু সময়ত খঙত বা বেছি হাঁহিলেও চকুৰ পানী ওলায় । ঠাণ্ডা লাগিলেও বা ধোৱা আদি লাগিলেও আমাৰ চকুৰ পানী নাকৰ পানী একাকাৰ হয় । আমাৰ দুচকুৰ চকু বলয়ৰ ওপৰত আৰু চেলাউৰিৰ তলত দেখিবলৈ বাদামৰ দৰে একধৰণৰ গ্ৰন্থি আছে । ইয়াৰ নাম অশ্রুগ্রন্থি ( Lacrimal Gland ) । লেটিন শব্দ ‘ লাক্রিমা ’ ( Lacrima ) মানে  অশ্রু বা চকু পানী । এই গ্রস্থিত যি তল জলীয় পদার্থ তৈয়াৰ হয় , " তাকেই অশ্রু বােলা হয় । এই গ্রন্থিৰ পৰা কেইবাডালাে নলী চকুৰ  কোণলৈ আহিছে । চকুপানীত পানী , লােণ আৰু লাইছছাজাইম নামৰ এবিধ জীবাণুনাশক প্রটিন জাতীয় পদার্থ থাকে । | সাধাৰণ অৱস্থাত চকুপানীয়ে চকুৰ ওপৰৰ পতা বন্ধ হ'বৰ সময়ত চকুৰ বাহিৰৰ অংশ ( Conjunctiva ) ধুই দিয়ে । ইয়াৰ ফলত চকুৰ ওপৰৰ অংশ আর্দ্র বা তিতি থাকে । ক্ষতিকাৰক পদার্থ পৰাও চকু ৰক্ষা পৰে । চকুৰ এই পানী ইয়াৰ পাছত লাক্রিমাল কেনালিকুলি ( Lacrimal Canaliculi ) নামৰ নলী পথেদি নাকলৈ যায় । খং , দুখ , ভয় , আনকি বহু সময়ত আনন্দৰ মুহূর্ততাে অগ্রন্থিত অশ্রুৰ পৰিমাণ বাঢ়ি যায় । মনৰ এইকেইটা অৱস্থাক আমি ভাবাবেগ বা আবেগ বুলি কওঁ । মানৱদেহৰ স্নায়ুতন্ত্রৰ ভাবাবেগ - বিষয় সম্পর্কযুক্ত কেন্দ্ৰবােৰৰ পৰা স্নায়ুবার্তাই অশ্রুগ্রন্থিৰ অশ্ৰুৰ পৰিমাণ  বঢ়াই তােলে । তেতিয়া আৰু অশ্রুৰ গােটেইখিনি নাকলৈ যাব নােৱাৰে । তাৰ আগতেই চকুত উপচি পৰি বাহিৰলৈ বাগৰি পৰে । ইয়াকে আমি কান্দোন বুলি কওঁ ।


গতিকে এইয়াই হৈছে মানুহে কান্দিলে চকুপানী ওলোৱাৰ মুল কাৰন । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ ফেচবুক পেজটো লাইক বা Follow কৰিব আৰু ৱেবচাইট ভিজিত কৰি থাকিব । ধন্যবাদ ।

Post a Comment

0 Comments