আপোনাৰ Online Voter কাৰ্ডখন কিদৰে আপুনি নিজে মবাইলত Verification কৰিব ।

আপোনাৰ Online Voter কাৰ্ডখন কিদৰে আপুনি নিজে মবাইলত Verification কৰিব ! আৰম্ভণীৰ পৰা শেষলৈ সম্পুৰ্ণ বিৱৰন । (how to verified your online voter card ! A to Z explain) :


ভাৰতীয় নিৰ্বাচন আয়োগে Online Voter কাৰ্ড Verification-ৰ সময়সীমা বৃদ্ধি কৰিছে। আয়োগে Online Voter কাৰ্ড Verification-ৰ সময়সীমা ১৫ অক্টোবৰৰ সলনি ১৮ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। গতিকে আপুনি যদি এতিয়ালৈকে Online Voter কাৰ্ড Verification কৰা নাই তেন্তে আজিয়েই কৰি লওঁক নিজে । আৰু যদি আপুনি Online Voter কাৰ্ড Verification-ৰ প্ৰক্ৰিয়াটো নাজানে তেন্তে এই লেখাটো শেষলৈ পঢ়ক । ইয়াত আপুনি Online Voter কাৰ্ড Verification কিদৰে কৰে এইয়া A to Z সকলো গম পাই যাব ।

Online Voter কাৰ্ড Verification আপুনি দুই প্ৰকাৰে কৰিব পাৰে । আপুনি যদি বিচাৰে তেন্তে কম্পিউটাৰ যোগে ভেৰিফিকেশ্বন কৰিব পাৰে নতুবা  যদি বিচাৰে তেন্তে মবাইলৰ দ্বাৰাওঁ Online Voter কাৰ্ড Verification কৰিব পাৰে । ইয়াত আমি আপোনালোকক মবাইলৰ দ্বাৰা কিদৰে Online Voter কাৰ্ড Verification কৰিব পাৰে এই সম্পৰ্কে সকলো বিতংকৈ জনাম ।

মবাইলত Online Voter কাৰ্ড Verification যদি কৰিব বিচাৰে তেন্তে প্ৰথমে আপুনি মবাইলত থকা "গুগুল প্লে ষ্টৰ" (Google Play Store) লৈ যাব । তাত গৈ আপুনি Voter helpline (তলৰ চিত্ৰত দেখুওৱা) এপ'টো ডাউলড কৰিব ।

এই এপ'টো সম্পূৰ্ণ ডাউনলড কৰাৰ পাছত আপুনি এপ্লিকেশ্বনটো খুলিব । এপটো খুলিলে আপুনি তলৰ চিত্ৰত দিয়া দৰে মেইন ডেক্সবৰ্ডটো পাব ।

এতিয়া আপুনি ইয়াত ওপৰৰ চিত্ৰত দেখা এই  EVP ত ক্লিক কৰিব । EVPত ক্লিক কৰিলে আপোনাৰ পৰা প্ৰথমে এটা ফোন নম্বৰ বিচাৰিব । (তলৰ চিত্ৰত দেখুওৱাৰ দৰে)

ইয়াত আপুনি ফোন নম্বৰ দি  "SEND OTP"ত ক্লিক কৰিব । তাত ক্লিক কৰিলে আপুনি দিয়া এই নম্বৰটোত এটা OTP যাব । আপুনি OTPটো দি দিলে মূল ফ্ৰম খন আহি ওলাব । (তলৰ দিয়া ছবিখনৰ দৰে )
এতিয়া আপুনি ইয়াত  "search by Epic no" বুটামটোত ক্লিক কৰি আপোনাৰ ভোটাৰ কাৰ্ডত থকা নম্বৰটো দিব । নম্বৰটো দিয়া পাছত "search" বুটামটোত ক্লিক কৰিব তেতিয়া দেখিব যে আপোনাৰ ভোটাৰৰ সকলো তথ্য ওলাইছে । তাৰপাছত আপুনি ভোটাৰ তথ্য ওলোৱা এই স্ক্ৰিনটোত  "its me" বুলি এটা বুটাম পাব । আপুনি তাত ক্লিক কৰিব । তাৰ পাছত আপুনি দেখা পাব "verify" আৰু "modify" নামৰ দুটা বুটাম । তাৰেই আপুনি "verify" বুটামটোত ক্লিক কৰিলেই আপোনাৰ 
Online Voter কাৰ্ডখন Verify হৈ যাব । কিন্তু তাৰ আগতে আপোনাৰ ওচৰত থকা যিকোনো পান কাৰ্ড বা আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড আদি যিকোনো এটাৰ ফটো আপলড কৰিব দিব এইটো আপুনি আপলড কৰি লব । আপোনাৰ  পান কাৰ্ড বা আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড আদি আপলড কৰাৰ প্ৰক্ৰিয়াটো  "Verify" বুটামটো ক্লিক কৰাৰ পাছতে ওলাই যাব তাত আপুনি ফেচবুক বা ইন্সটাগ্ৰামত কিদৰে ফটো আপলড কৰে ঠিক একেদৰে আপলড কৰিলেই হল ।
এনেদৰ আপোনাৰ প্ৰথম Online Voter কাৰ্ড Verification হোৱাৰ লগে লগে পাছত  আপোনাৰ ঘৰৰ আন আন সদস্যৰো Online Voter কাৰ্ড Verificationৰ বাবে এখন ফ্ৰম ওলাই আহিব । তাৰবাবে আপুনি দেখা পাব "Add family member" বুলি এটা বুটাম । আপুনি এই বুটামটোত ক্লিক কৰিব । লগে লগে দেখিব যে তাত আগত ওলোৱাৰ দৰে এটা "search by Epic no" বুটাম থকা এটা স্ক্ৰিন । তেতিয়া আপুনি এই "search by Epic no" বুটামটোত ক্লিক কৰিব  আৰু আপোনাৰ ঘৰৰ সকলো সদস্য'ৰ ভোটাৰ কাৰ্ডখনত থকা নম্বৰ এজন এজনকৈ দি Verify কৰি যাব আপুনি যিদৰে নিজৰ Online Voter কাৰ্ডখন
Verify কৰিছিল ঠিক তেনেদৰে । এনেদৰে আপুনি শেষত সকলোৰে  verify  কৰি শেষ কৰাৰ পাছত একেবাৰে শেষত  "download my certificate" বুটামটোত ক্লিক কৰি আপোনাৰ  verified certificate খন ডাউনলোড কৰি উলিয়াই লব । এনেদৰ আপোনাৰ certificateখন শেষত প্ৰিন্টাৰৰ দ্বাৰা ওলিওৱা মানে আপোনাৰ কাম সম্পুৰ্ণ হৈ গৈছে ।

গতিকে  ঠিক এনেদৰ  আপুনি অতি সহজে Online Voter কাৰ্ডখনৰ Verification কৰিব পাৰি নিজৰ মবাইলৰ দ্বাৰা ।


Post a Comment

0 Comments