টাইটানিক জাহাজখনৰ বিষয়ে আপুনি নজনা ১৩টা তথ্য যিবোৰ জানি আপুনি নিশ্চয় ভাল পাব

টাইটানিক জাহাজখনৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে । টাইটানিক জাহাজখন আছিল বিশ্বৰ সবাতোতকৈ এখন বৃহৎ জাহাজ যাক দক্ষিন আয়াৰ্লেণ্ডত প্ৰস্তুত কৰা হৈছিল । এই জাহাজখন প্ৰস্তুত কৰা পৰা আৰম্ভ কৰি জাহাজখন ভাঙি ডুবি যোৱালৈকে বিভিন্ন ধৰনৰ জানিব লগা তথ্য আছে যিবোৰ জানিলে আপোনালোকে আচৰিত লগতে মজা পাব । গতিকে আজিৰ এই লেখাটো আমি আপোনালোকক টাইটানিক জাহাজখনৰ বিষয়ে কিছুমান আচৰিত তথ্য জনাম যিবোৰ তথ্য জানি আপোনালোকে নিশ্চয় ভাল পাব । গতিকে আহক জানো টাইটানিক জাহাজখনৰ বিষয়ে কিছুমান আচৰিত আৰু জানি ভাল পোৱা কিছুমান তথ্য -

১)  টাইটানিক যেতিয়া প্রস্তুত হৈছিল, তেতিয়া এইটোৱে আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ চলন্ত বস্তু । টাইটানিক জাহাজখনৰ বহল প্ৰায় তিনিখন  ফুটবল ষ্টোডিয়ামৰ সমান আৰু ওখ প্ৰায় ১৭ মহলীয়া স্বপিং ম'ল'ৰ সমান ।

২) টাইটানিক জাহাজখন মুঠ ৩ হাজাৰ শ্ৰমিকে একেলগে প্ৰস্তুত কৰিছিল উলিয়াছিল । এই জাহাজখন প্ৰস্তুত কৰি উলিয়াবলৈ সৰ্বমুঠ সময় লাগিছিল ২৬ মাহ । এই জাহাজখন প্ৰস্তুত কৰা সময়ত মুঠ ২৪৬ জন লোক দুৰ্ঘটনাত আঘাত হৈছিল আৰু ২ জন লোক'ৰ মৃত্যু হৈছিল । 


৩)  টাইটানিক জাহাজখনৰ  সম্পুৰ্ণ নাম আছিল  'RMS Titanic' (RMS stands for Royal Mail line) 
ইয়াক বনোৱা কোম্পানীটোৰ নাম আছিল "White star Line" ।


 ৪) টাইটানিক জাহাজ প্ৰস্তুত কৰা শ্ৰমিক সকল'ক দুটা ভাগত ভাগ কৰিছিল । প্ৰথম ভাগটো আছিল দক্ষ শ্ৰমিক আৰু দ্বিতীয় ভাগটো আছিল অদক্ষ শ্ৰমিক । দক্ষ শ্ৰমিক সকলক জাহাজ কৰ্তিপক্ষই সপ্তাহত মজুৰী দিছিল ১০ ডলাৰ আৰু অদক্ষ শ্ৰমিকক দিছিল ৫ ডলাৰ ।


৫) টাইটানিক জাহাজখন আজি পৰ্যন্ত একমাত্ৰ এনেকুৱা এখন জাহাজ যি হিমখণ্ড এটাত যুজি ডুবি গল । ইয়াৰ আগতে এনেকুৱা কোনো এখন জাহাজ নাই যি হিমখণ্ডত যুজি ডুবিল বা আজিওঁ কোনো এখন জাহাজ নাই যি হিমখণ্ডত যুজি ডুবিছে। তাৰ পৰিৱৰ্তে আন আন কাৰকতহে আজিওঁ জাহাজৰ দুৰ্ঘটনা হয় হিমখণ্ডত যুজি নহয় । 


৬) টাইটানিক জাহাজখন  সম্পুৰ্ণ পানীৰ তলত ডুবি যাবলৈ সৰ্বমুঠ সময় লাগিছিল ২ ঘন্টা ৪০ মিনিট  ।


৭) টাইটানিক জাহাজখন ডুবিব বুলি জানিওঁ এই সময়ত জাহাজখনৰ ভিতৰত থকা মিউজচিয়ান সকলে মিউজিক বজাবলৈ এৰা নাছিল । তাৰ একমাত্ৰ কাৰন আছিল তেওঁলোকে এনেওঁ কিছু সময় পাছত মৰিবই বুলি জানিছিল এইয়ে জীয়াই থকা এই পলটোক তেওঁলোক ভালদৰে উদযাপন কৰিব বিছাৰিছিল ।


৮) এটা সমীক্ষা অনুসৰী টাইটানিক জাহাজৰখনৰ প্ৰথম শ্ৰেণী যাত্ৰী সকলৰ ৬০ শতাংশ আৰু দ্বিতীয় শ্ৰেণী যাত্ৰী সকলৰ ৪২ শতাংশ আৰু তৃতীয় শ্ৰেণী যাত্ৰী সকলৰ ২৫ শতাংশ যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে । জাহাজখনত আটাইতকৈ পুৰুষৰ নিহতৰ সংখ্যা বেছি আছিল ।

৯) টাইটানিক জাহাজখন সাগৰৰ যিটো অংশত ডুবিছিল এই অংশত পানীৰ তাপমাত্ৰা আছিল ২° চেলচিয়াচ । যাৰ বাবে মানুহ অতিকমেওঁ ১৫ মিনিটতকৈ বেচি ঠাণ্ডাত বাচি থাকিব পৰা নাছিল ।


১০) বৃহৎতম টাইটানিক জাহাজখন সৰ্বমুঠ ৬০ লাখ ডলাৰৰ সামগ্ৰী কঢ়িয়াই লৈ গৈছিল । জাহাজখনত মানুহ আৰু সামগ্ৰী সম্পুৰ্ণ লোডিং হোৱাৰ পাছত জাহাজখনৰ মুঠ ওজন হৈছিলগৈ ৪৬,৩২৬ টন অৰ্থাৎ ৪ কোটি ৬৩ লাখ ২৬ হাজাৰ কিলোগ্ৰাম ।




১১) টাইটানিক জাহাজখনৰ হৰ্ণ বা সংকেত ইমান উচ্চ আছিল যে ইয়াক ১৬ কিঃমিঃ দুৰত্ব'ত থকা মানুহেওঁ শুনা পাইছিল ।


১২) টাইটানিক জাহাজখন চলাবলৈ দিনত ৬ লাখ কিলোগ্ৰাম কয়লা জ্বলাব লগা হৈছিল ।


১৩) টাইটানিক জাহাজখনত ৪টা চিমনি আছিল । কিন্তু এই ৪টাৰ ভিতৰত ৩টা চিমনি'ৰ পৰাৰে ধোৱা উলাইছিল । এটা চিমনি জাহাজখনৰ ওজনৰ ভৰ সমান কৰি ৰাখিবৰ নিমিত্তে বনাইছিল ।



গতিকে এই সমুহে হৈছে টাইটানিক জাহাজখনৰ বিষয়ে কিছুমান জানি ভালপোৱা তথ্য । তথ্যবোৰ জানি যদি আপোনাৰ ভাল লাগিল নিশ্চয় এই তথ্যটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী আমাৰ আষৰ্কনীয় তথ্যটো জানিবলৈ হলে পুনৰ আমাৰ ৱেবচাইটো ভিজিত কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments